পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড’ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা ১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেক্সিকোৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লাউডিয়া শ্বেনবাউমৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। তদুপৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে গ্ৰেণাডা, বাৰ্বাড’ছ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাত কেইবাখনো দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী বিদেশ মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰেণাডা ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ চিকাগো চহৰতো এনিশা কটাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...