দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন লোক নিহত হোৱাৰ লগতে আহত ২৬জনৰো অধিক। ৰাজপথতে ভস্মীভূত হয় ট্ৰাক, বাছকে ধৰি কেইবাখনো যান-বাহন। প্ৰৱল তুষাৰপাত আৰু কুঁৱলীৰ বাবে সংঘটিত হয় এই ঘটনা। ৰাজধানী টকিঅ’ৰ পৰা ১৬০কিঃমিঃ নিলগৰ এক্সপ্ৰেছ ৱে’ত এই ঘটনা। প্ৰথমাৱস্থাত বৰফৰ বাবে পিছলি গৈ এখন ট্ৰাকে খুন্দা মাৰে আন এখনত। পিছে পিছে আহি থকা কমেও ৫০খন গাড়ীয়ে খুন্দা মাৰে দুয়োখন ট্ৰাকত। তাৰ পিছতেই জ্বলি উঠে কেইবাখনো বাহন। ঘটনাৰ পিছতেই হাহাকাৰ লাগে জাপানৰ সেই অঞ্চলটোত। আৰক্ষী উপস্থিত হৈ আহতক ভৰ্তি কৰায় হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...