দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন লোক নিহত হোৱাৰ লগতে আহত ২৬জনৰো অধিক। ৰাজপথতে ভস্মীভূত হয় ট্ৰাক, বাছকে ধৰি কেইবাখনো যান-বাহন। প্ৰৱল তুষাৰপাত আৰু কুঁৱলীৰ বাবে সংঘটিত হয় এই ঘটনা। ৰাজধানী টকিঅ’ৰ পৰা ১৬০কিঃমিঃ নিলগৰ এক্সপ্ৰেছ ৱে’ত এই ঘটনা। প্ৰথমাৱস্থাত বৰফৰ বাবে পিছলি গৈ এখন ট্ৰাকে খুন্দা মাৰে আন এখনত। পিছে পিছে আহি থকা কমেও ৫০খন গাড়ীয়ে খুন্দা মাৰে দুয়োখন ট্ৰাকত। তাৰ পিছতেই জ্বলি উঠে কেইবাখনো বাহন। ঘটনাৰ পিছতেই হাহাকাৰ লাগে জাপানৰ সেই অঞ্চলটোত। আৰক্ষী উপস্থিত হৈ আহতক ভৰ্তি কৰায় হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...