বান কমিল, এইবাৰ সংহাৰী ৰূপ জাপানীজ এনকেফেলাইটিছৰ

বিপদে যেন লগ নেৰা হৈছে ৰাজ্যৰ জনতাৰ। বানৰ পিছতেই ৰাজ্যত এইবাৰ জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। কামপুৰত JEত আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৃত লোকজন কঠিয়াতলীৰ টংকেশ্বৰ বৰা। গুৱাহাটীৰ ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল বৰা। টংকেশ্বৰ বৰাৰ মৃত্যুত আতংকিত কঠিয়াতলী ৰাইজ। নগাঁৱৰ পুৰণিগুদামতো জাপানীছ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। পুৰণিগুদামৰ হাতীগাঁৱৰ এগৰাকী মহিলা JEত আক্ৰান্ত। আক্ৰান্ত মহিলাগৰাকী ৬০ বছৰীয়া অঞ্জুমণি হাজৰিকা। JEত আক্ৰান্ত অঞ্জুমণি হাজৰিকা বৰ্তমান গুৱাহাটীত চিকিৎসাধীন। মহিলাগৰাকী আক্ৰান্ত হোৱাৰ পাছতে গাঁওখনত স্বাস্থ্য বিভাগৰ তৎপৰতা। গাঁওখনত ফ’গিঙৰ ব্যৱস্থা লগতে লৈছে সজাগতামূলক ব্যৱস্থা। কাৰ্বি আংলঙতো JEত আক্ৰান্ত হৈ মৃত্যু হয় এটি শিশুৰ। কাৰ্বি আংলঙত বৰ্তমানলৈকে ১১জন লোক আক্ৰান্ত হৈছে JEত। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমানো চিকিৎসাধীন ৯ JEত আক্ৰান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...