চামগুৰি সমষ্টিত যোৱা ১৫ বছৰে যি কাম হোৱা নাছিল অহা ডেৰ বছৰত আমাৰ চৰকাৰে তাতকৈ বেছি কাম কৰাৰ প্ৰয়াস চলাব: মুখ্যমন্ত্রী

চামগুৰি সমষ্টিৰ আমবাগান আৰু কাৱৈমাৰীত অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

চামগুৰি সমষ্টিত যোৱা ১৫ বছৰে যি কাম হোৱা নাছিল অহা ডেৰ বছৰত আমাৰ চৰকাৰে তাতকৈ বেছি কাম কৰাৰ প্ৰয়াস চলাব: মুখ্যমন্ত্রী

চামগুৰি তিনিআলিত মুখ্যমন্ত্রীক বিপুল সম্বর্দ্ধনা

দিছপুৰ, ২০ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যোৱাটো বিধানসভা উপ-নির্বাচনৰ ফলাফল বিশেষ গুৰুত্বপূৰ্ণ আছিল। এই উপ-নির্বাচনত চামগুৰি ৰাইজে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি আগবঢ়োৱা মৰম-চেনেহৰ বাবে ২৪ হাজাৰতকৈও অধিক ভোটত বিজয়ী হ’বলৈ সক্ষম হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্রতিশ্রুতি মর্মে আজি চামগুৰি সমষ্টিত উপস্থিত হৈ চামগুৰি ৰাইজক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে চামগুৰিৰ নিৰ্বাচনে অসমৰ ৰাজনীতিলৈ এক নতুন পৰিৱৰ্তন আনিলে আৰু ২০২৬ বৰ্ষৰ নিৰ্বাচনত চামগুৰিত বিজেপি নেতৃত্বাধীন মিত্রজোঁট প্রার্থীৰ বিজয় সুনিশ্চিত হ’ল বুলি তেওঁ উল্লেখ কৰে। চামগুৰি সমষ্টিটোৰ সামগ্রিক উন্নয়ন আৰু বিকাশৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াৱ বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰে।

মুখ্যমন্ত্রীয়ে আমবাগানত ৩০ খন বিচনাযুক্ত এখন আদর্শ চিকিৎসালয় স্থাপন, ৫০ লাখ টকা ব্যয়েৰে আমবাগান বজাৰৰ পূজাবাৰীখন সুন্দৰভাৱে নিৰ্মাণ কৰা, লাওখোৱা চিকিৎসালয়খনক আদর্শ চিকিৎসালয় হিচাপে উন্নীত কৰা, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালযৰে খেলপথাৰ উন্নয়নৰ বাবে ২ কোটি টকাৰ অনুদান, লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগতে ভৱন নিৰ্মাণৰ বাবে ৮ কোটি টকা আগবঢ়োৱাৰ উপৰিও মুখ্যমন্ত্ৰীৰ বিশেষ কোটাৰ পৰা চামগুৰি সমষ্টিৰ বাবে নতুনকৈ আঢ়ৈ হাজাৰ অৰুণোদয় হিতাধিকাৰী সংযোজন কৰা হ’ব বুলিও ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...