প’ৰ্ট ছুডানত গৈ উপস্থিত ভাৰতীয় নৌসেনাৰ জাহাজ INS SUMEDHA

গৃহযুদ্ধতপীড়িত ছুডানত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে ‘অপাৰেশ্যন কাবেৰী’

আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰৰ এই অভিযান

প’ৰ্ট ছুডানত গৈ উপস্থিত ভাৰতীয় নৌসেনাৰ জাহাজ INS SUMEDHA

৫০০ ভাৰতীয় নাগৰিকে আশ্ৰয় লৈছে জাহাজখনত

জানিবলৈ দিলে কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰে

সংঘৰ্ষজৰ্জৰ ছুডানত আৱদ্ধ হৈ আছে প্ৰায় ৩ সহস্ৰাধিক ভাৰতীয় নাগৰিক। ছুডান সেনা আৰু দেশখনৰ অৰ্ধসামৰিক বাহিনী RSFৰ মাজত আৰম্ভ হোৱা গুলীয়াগুলী বিগত ১১ দিনেও অব্যাহত আছে। ৰাজধানী খাৰ্টুমৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। ছুডানৰ আকাশমাৰ্গ বিদেশী বিমানৰ বাবে নিষিদ্ধ হৈ থকাৰ ফলত তাত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰম্ভ কৰিছে অপাৰেশ্যন কাবেৰী। খাৰ্টুমৰ পৰা ৮৫০ কিলোমিটাৰ নিলগত অৱস্থিত প’ৰ্ট ছুডানত ইতিমধ্যে উপস্থিত হৈছেগৈ ভাৰতীয় নৌ সেনাৰ জাহাজ INS SUMEDHA। বৰ্তমান দক্ষিণ আফ্ৰিকাৰ গিয়ানাত বাহৰ পাতি থকা বিদেশ মন্ত্ৰী জয়শংকৰে জানিবলৈ দিয়া মতে আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰতে জাহাজৰ লগতে ভাৰতীয় সেনাৰ কেই‍বাখনো পৰিবহণ বিমানো সাজু কৰি ৰাখিছে।

সোমবাৰে ফ্ৰান্সে বিমানেৰে উদ্ধাৰ কৰিছিল ৫ গৰাকী ভাৰতীয় নাগৰিকক

ছৌদি আৰৱেও দেওবাৰে উদ্ধাৰ কৰি আছিল ৩ ভাৰতীয়ক

বৰ্তমান ছুডানত খাদ্য, ইন্ধনৰ তীব্ৰ সংকটে দেখা দিছে। লগতে ছুডানৰ পৰিৱেশ বিপজ্জনক হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত তাত আৱদ্ধ ভাৰতীয় সকলক যথাসম্ভৱ শীঘ্ৰে উদ্ধাৰ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। অপাৰেশ্যন কাবেৰীৰ জৰিয়তে ছুডানত আবদ্ধ ভাৰতীয়ই নতুন জীৱন পাব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...