অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছৰ সফল সামৰণি, অসমৰ অৰ্ণৱী দেৱনাথৰ দ্বিমুকুট, চান্দোগ্য-পাৰ্থিৱৰ ডাবলছ খিতাপ

অসমৰ অৰ্ণৱী দেৱনাথে গুৱাহাটীত অনুষ্ঠিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দ্বিমুকুট অৰ্জন কৰিছে৷ আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অৰ্ণৱীয়ে ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপ জয় কৰাৰ লগতে ১৬ বছৰ অনূধ্বৰ্ৰ ডাবলছ শাখাৰ খিতাপো লাভ কৰিবলৈ সক্ষম হয়৷ একক শাখাৰ ফাইনেলত অৰ্ণৱীয়ে ৬-৪, ৬-৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে বংগৰ ইন্দ্ৰাক্ষী ভট্টাচাৰ্যক৷ আনহাতে, ডাবলছ শাখাত অৰ্ণৱীয়ে মহাৰাষ্ট্ৰৰ শিৱানী গুপ্তেৰ লগত যুটি খেলি আজি হোৱা খিতাপৰ যুঁজত অসমৰ নাঈম হুছেইন আৰু নবিহা মৰিয়ম যুটিক ৬-১, ৬-৩ ৰ ব্যৱধানত পৰাস্ত কৰে৷ স্মৰ্তব্য যে অৰ্ণৱীৰ ডাবলছ সংগী শিৱানীয়েও ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপ জয় কৰি দ্বিমুকুট অৰ্জন কৰিবলৈ সক্ষম হয়৷

ইফালে, সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত থকা টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ চন্দোগ্য পাঠক আৰু পাৰ্থিৱ কলিতাই প্ৰতিযোগিতাত ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ ফাইনেলত অসমৰ যুটিটোৱে বংগৰ অবনদ্বীপ চৌধুৰী আৰু লাবাম মুখাৰিয়াক ৬-৩, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে৷ চান্দোগ্য ১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ফাইনেলতো প্ৰৱেশ কৰিছিল যদিও উভয়ৰে খিতাপৰ যুঁজত পৰাস্ত হয়৷

আজি হোৱা ১৬ বছৰ অনূধ্বৰ্ৰ ফাইনেলত মহাৰাষ্ট্ৰৰ ৰাঘৱ সৰোদে ৬-৩, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে চান্দোগ্যক৷ আনহাতে, ১৪ বছৰ অনূধ্বৰ্ৰ ফাইনেলত বংগৰ মনোদ্বীপ দে ৬-০, ৬-০ ৰ পোনপটিয়া ব্যৱধানত চান্দোগ্যক পৰাস্ত কৰি খিতাপ জয় কৰে৷ ইফালে, বংগৰ ৰিয়া ৰয় আৰু ইন্দ্ৰাক্ষী ভট্টাচাৰ্যই ১৪ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ ডাবলছ খিতাপ জয় কৰাৰ বিপৰীতে ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ খিতাপ জয় কৰে আশ্বৰ্ কাথুৰিয়া আৰু গুশ্বৰ্ন মেহতাই৷

প্ৰতিযোগিতাৰ অন্তত হোৱা বঁটা বিতৰণ অনুষ্ঠানত অইল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্তই বিজয়ী খেলুৱৈসকলক সন্মানিত কৰে৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় টেনিছ সন্থাই এই প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব দিয়া অংকুশ দত্তও অনুষ্ঠানত উপস্থিত থাকে৷ উল্লেখ্য যে দেশৰ ১৮ খন ৰাজ্যৰ ১৮৩ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ যোৱা ১৬ বছৰ ধৰি অইল ইণ্ডিয়া লিমিটেডে এই প্ৰতিযোগিতাখনৰ পৃষ্ঠপোষকতা কৰি আহিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...