এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

অসম আৰ্চাৰী সন্থাৰ উদ্যোগত গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ আজি ছাৱ-জুনিয়ৰৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল অনুষ্ঠিত হয়৷ উভয় শাখাতে অসমৰ পাঁচগৰাকী খেলুৱৈয়ে নকআউট অন্তিম ১৬ লৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োই জনোৱা অনুসৰি ল’ৰাৰ ৰিকাৰ্ভ শাখাত অভিজ্ঞান ভট্টাচাৰ্য আৰু ছোৱালীৰ ৰিকাৰ্ভত ঝাৰমিন দৈমাৰীয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলিব৷ ইফালে, ল’ৰাৰ কম্পাউণ্ড শাখাত বলোসিং বসুমতাৰী তথা ছোৱালীৰ কম্পাউণ্ড শাখাত শিৱাগিনী গোহাই আৰু মাধুৰী মেধিয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷ কাইলৈ প্ৰতিযোগিতাৰ অন্তিম দিনা ছাৱ-জুনিয়ৰ শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ছিনিয়ৰ, জুনিয়ৰ আৰু ছাৱ-জুনিয়ৰ শাখাত ল’ৰা-ছোৱালী উভয়ৰে ৰিকাৰ্ভ আৰু কম্পাউণ্ডৰ একক শাখাৰ খেল অনুষ্ঠিত হৈছে৷ ইতিমধ্যে হৈ যোৱা ছিনিয়ৰ তথা জুনিয়ৰ শাখাত অসমৰ আৰ্চাৰে পদক জয় কৰাত ব্যৰ্থ হোৱাৰ পাছত অন্তিম আশা ছাৱ-জুনিয়ৰতে আছে৷

জুনিয়ৰ শাখাৰ ফলাফল ঃ
প্ৰতিযোগিতাৰ জুনিয়ৰৰ ৰিকাৰ্ভৰ ল’ৰাৰ শাখাত ৰাজস্থানৰ মহেশ কুমাৱটে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে হাৰিয়ানাৰ ৰাহুল আৰু বংগৰ জুৱেল সৰকাৰ৷ আনহাতে, ৰিকাৰ্ভৰ ছোৱালীৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ শ্ৰুস্তি বালাজীয়ে৷ ৰূপ হাৰিয়ানাৰ কৃৰ্তিকা তথা ব্ৰঞ্জ ৰাজস্থানৰ প্ৰাঞ্জালী থ’লিয়াই অৰ্জন কৰে৷

ইফালে, জুনিয়ৰৰ কম্পাউণ্ড শাখাত ল’ৰাৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ মানৱ যাদবে৷ মধ্য প্ৰদেশৰ ৰাঘব পাটিডাৰে ৰূপ তথা হাৰিয়ানাৰ আয়ুশ ৰাৱে ব্ৰঞ্জৰ পদক পায়৷ ছোৱালীৰ সোণ অৰ্জন কৰে হাৰিয়ানাৰ একতা ৰাণীয়ে৷ তেলেংগনাৰ তানিপাৰ্থি চিকিথা দ্বিতীয় তথা হাৰিয়ানাৰ দ্বিপশিখা তৃতীয় হয়৷

ছিনিয়ৰ শাখাৰ ফলাফল ঃ
ইফালে, ছিনিয়ৰ ল’ৰাৰ ৰিকাৰ্ভ শাখাত শীৰ্ষ তিনিটা স্থান লাভ কৰে ক্ৰমে ৰেল’ৱেৰ যশদ্বীপ ভ’গে, উত্তৰ প্ৰদেশৰ নীৰজ চৌহান আৰু পি এছ পি বিৰ অতনু দাসে৷ আনহাতে, ছিনিয়ৰ ছোৱালীৰ ৰিকাৰ্ভ শাখাত গুজৰাটৰ ভাগ’ৰা ভাৰ্গৱীয়ে প্ৰথম, হাৰিয়ানাৰ সংগীতা দ্বিতীয় আৰু মহাৰাষ্ট্ৰৰ সৃষ্টি বালাজীয়ে তৃতীয় স্থান লাভ কৰে৷

তদুপৰি ছিনিয়ৰ কম্পাউণ্ড ল’ৰাৰ শাখাত দিল্লীৰ প্ৰিয়াঞ্চ প্ৰথম হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে দিল্লীৰ অভিষেক বাৰ্মা আৰু অন্ধ্ৰ প্ৰদেশৰ থিৰুমুৰু গনেশে৷ আনহাতে, ছোৱালীৰ শীৰ্ষ তিনিটা স্থান লাভ কৰে ক্ৰমে মহাৰাষ্ট্ৰৰ মাধুৰী আৰু পূৰ্বাশা সিন্ধে তথা মধ্য প্ৰদেশৰ মুছকান কিৰাৰে৷

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...