পঞ্জশীৰ এতিয়াও NRFৰ দখলত; তালিবানৰ দাবী অস্বীকাৰ NRFৰ

তালিবান বাহিনীয়ে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰাৰ এদিন পিছতে পুনৰ পঞ্জশীৰ উপত্যকাত তুমুল যুদ্ধ আৰম্ভ হৈছে। সোমবাৰে নিশা পঞ্জশীৰত নেচনেল ৰেজিষ্টেন্স ফ্ৰ’ণ্ট অৰ্থাৎ NRF–এ পুনৰ তালিবানৰ ঘাটিলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে। স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰা মতে সোমবাৰে তালিবান বাহিনীয়ে সম্পূৰ্ণৰূপে পঞ্জশীৰ উপত্যকা দখল কৰা বুলি দাবী কৰিছিল যদিও সোমবাৰে নিশা পুনৰ তালিবানৰ ঘাটিত বোমা নিক্ষেপ কৰে NRF–এ। এই সম্পৰ্কত এতিয়া বিস্তৃত তথ্য পোহৰলৈ অহা নাই যদিও এক ভিডিঅ’ বাৰ্তাযোগে আহমেদ মাছুদে দাবী কৰা মতে তালিবানে এতিয়াও পঞ্জশীৰ দখল কৰিবলৈ সক্ষম হোৱা নাই। শেষ বিন্দু তেজ থকালৈকে পঞ্জশীৰত তালিবানৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব বুলি দাবী কৰে মাছুদে। পঞ্জশীৰত NRFক পৰাজিত কৰিবলৈ তালিবানে পাকিস্তানী বায়ু সেনাৰ সহায় লোৱা বুলি অভিযোগ কৰে মাছুদে। ইপিনে, পঞ্জশীৰ দখল কৰা বুলি তালিবানে দাবী কৰাৰ লগতে আহমেদ মাছুদ আৰু আমৰুল্লা চালেহে পঞ্জশীৰ এৰি তাজিকিস্তানলৈ পলাই যোৱা বুলি তালিবান বাহিনীয়ে দাবী কৰিছিল যদিও ইয়াক খণ্ডন কৰি আমৰুল্লা চালেহে কয় যে তেওঁলোক এতিয়াও পঞ্জশীৰতে আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...