পঞ্জশীৰ এতিয়াও NRFৰ দখলত; তালিবানৰ দাবী অস্বীকাৰ NRFৰ

তালিবান বাহিনীয়ে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰাৰ এদিন পিছতে পুনৰ পঞ্জশীৰ উপত্যকাত তুমুল যুদ্ধ আৰম্ভ হৈছে। সোমবাৰে নিশা পঞ্জশীৰত নেচনেল ৰেজিষ্টেন্স ফ্ৰ’ণ্ট অৰ্থাৎ NRF–এ পুনৰ তালিবানৰ ঘাটিলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে। স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰা মতে সোমবাৰে তালিবান বাহিনীয়ে সম্পূৰ্ণৰূপে পঞ্জশীৰ উপত্যকা দখল কৰা বুলি দাবী কৰিছিল যদিও সোমবাৰে নিশা পুনৰ তালিবানৰ ঘাটিত বোমা নিক্ষেপ কৰে NRF–এ। এই সম্পৰ্কত এতিয়া বিস্তৃত তথ্য পোহৰলৈ অহা নাই যদিও এক ভিডিঅ’ বাৰ্তাযোগে আহমেদ মাছুদে দাবী কৰা মতে তালিবানে এতিয়াও পঞ্জশীৰ দখল কৰিবলৈ সক্ষম হোৱা নাই। শেষ বিন্দু তেজ থকালৈকে পঞ্জশীৰত তালিবানৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব বুলি দাবী কৰে মাছুদে। পঞ্জশীৰত NRFক পৰাজিত কৰিবলৈ তালিবানে পাকিস্তানী বায়ু সেনাৰ সহায় লোৱা বুলি অভিযোগ কৰে মাছুদে। ইপিনে, পঞ্জশীৰ দখল কৰা বুলি তালিবানে দাবী কৰাৰ লগতে আহমেদ মাছুদ আৰু আমৰুল্লা চালেহে পঞ্জশীৰ এৰি তাজিকিস্তানলৈ পলাই যোৱা বুলি তালিবান বাহিনীয়ে দাবী কৰিছিল যদিও ইয়াক খণ্ডন কৰি আমৰুল্লা চালেহে কয় যে তেওঁলোক এতিয়াও পঞ্জশীৰতে আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...