বাংলাদেশতো ৰোহিংগ্যাৰ তাণ্ডৱ

✒️ অচিন্ত্য শৰ্মা

অকল ভাৰততে নহয়; ৰোহিংগ্যা অনুপ্ৰৱেশকাৰীয়ে প্ৰচুৰ আইন শৃংখলা জনিত সমস্যাৰ সৃষ্টি কৰিছে সিহঁতৰ মুখ্য আশ্ৰয়দাতা দেশ বাংলাদেশতো। যাৰ বাবে এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিবলগা হৈছে খোদ দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বিষয়টো উত্থাপিত হৈছে ৰাষ্ট্ৰসংঘৰ ওচৰতো। নিজৰ অপৰাধী চৰিত্ৰ আৰু আগ্ৰাসী কৰ্মকাণ্ডৰ বাবে ম্যানমাৰৰ পৰা খেদা খোৱা ৰোহিংগ্যাহঁতে পৃথিৱীৰ বিভিন্ন দেশলৈ পলায়ন কৰিছে যদিও গৰিষ্ঠসংখ্যকেই অনুপ্ৰৱেশ কৰিছে ভাৰত আৰু বাংলাদেশত। আনহাতে ভাৰতত অনুপ্ৰৱেশ কৰাহঁতৰ কম সংখ্যকেই পোনে পোনে ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি ভাৰতত সোমবাৰৰ বিপৰীতে ভাৰত ম্যানমাৰ সীমান্তৰ দুৰ্ঘটনা আৰু অন্যান্য কাৰণত বেছিভাগেই প্ৰথমতে বাংলাদেশত সোমাই বাংলাদেশৰ পৰাহে ভাৰতলৈ অনুপ্ৰৱেশ কৰিছে। তাৰ পিছতো বাংলাদেশত ৰৈ গৈছে ১০ লক্ষাধিক ৰোহিংগ্যা। এই ৰোহিংগ্যাহঁতৰ বাবে বাংলাদেশ চৰকাৰে কক্মবাজাৰ আৰু ভাচান চৰত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি দিছে। তত্সত্বেও নিজৰ অপৰাধী চৰিত্ৰৰ কাৰণে ৰোহিগ্যা দুৰ্বত্তহঁতে আশ্ৰয়দাতা দেশ বাংলাদেশতো চলাই গৈছে অপৰাধমূলক কাৰ্যকলাপ।

শেহতীয়াভাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সেই ভ্ৰমণৰত ৰাষ্ট্ৰসংঘৰ শৰনাৰ্থী বিষয়ক উচ্চাযুক্ত ফিলিপ্প’ গ্ৰাণ্ডিৰ আগত প্ৰকাশ কৰিছে এই কথা। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰকাশ কৰা মতে আশ্ৰয়প্ৰাৰ্থী ৰোহিংগ্যাহতেঁ কক্মাবজাৰৰ গভীৰ অৰণ্য অঞ্চলৰ গছ-গচনি কাটি তহিলং কৰাৰ উপৰি অন্যধৰণেও পৰিৱেশ বিনষ্ট কৰিছে। তদুপৰি লিপ্ত হৈছে অন্যান্য বহুতো সামাজিক আৰু অৰ্থনৈতিক অপৰাধৰ। আনহাতে অনিশ্চিত ভবিষ্যতে এই ৰোহিংগ্যাহঁতক কৰি তুলিছে আৰু অধিক অপৰাধপ্ৰৱণ। সকলোতকৈ উদ্বেগজনক কথা হৈছে প্ৰতিকুল পৰিবেশৰ মাজতো অব্যাহত থকা ৰোহিংগ্যাৰ জনবিস্ফোৰণ। শ্বেখ হাচিনাই নিজে সদৰি কৰামতে প্ৰতিবছৰে গড়ে ৪৫ হাজাৰকৈ ৰোহিংগ্যা শিশুৰ জন্ম হৈ আছে অকল বাংলাদেশৰ আশ্ৰয় শিবিৰ সমূহতে। এনে অৱস্থাত সামগ্ৰীকভাবে সমস্যৈটো হৈ হৈছে ঘভীৰৰ পৰা গভীৰতৰ।

ইতিমধ্য ভাৰতৰ ৰোহিংগ্যা দুৰ্বৃত্তই জটিল সমস্যাৰ সষ্টি কৰিছে। দেশৰ বিভিন্ন ঠাইত বিভিন্ন অপৰাধত লিপ্ত হৈছে ৰোহিংগ্যাৰ দল। দিল্লীৰ হনুমান জয়ন্তীৰ শোভাযাত্ৰাক আক্ৰমণ কৰাৰ পৰা কাশ্নীৰত ইছলামিক সন্তাসবাদী আক্ৰমণ কৰালৈকে, সকলোতে জড়িত হৈ পৰিছে ৰোহিংগ্যাৰ নাম। এতিয়া পোহৰলৈ আহিছে বাংলাদেশতো ৰোহিংগ্যাই চলাই থকা তাণ্ডবৰ কথা। এনে অৱস্থাত সম্প্ৰতি ৰোহিগ্যাক নিয়ন্ত্ৰণ কৰাটোৱেই উভয় দেশৰবাবে হৈ উঠিছে মূল প্ৰত্যাহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...