টাটা গ্ৰুপৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা

টাটা গ্ৰুপৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা। ৰতন টাটাৰ সতীয়া ভাতৃ নোৱেল টাটা। টাটাৰ বহুকেইটা কোম্পানীত ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰিছে নোৱেল টাটাই। বৰ্তমান নোৱেল টাটা আয়াৰলেণ্ডৰ নাগৰিক। টাটা গ্ৰুপত ১০০টাৰো অধিক কোম্পানী আছে। ১৯৫৭ চনত জন্ম নোৱেল টাটাৰ। ব্ৰিটেইনৰ ছাছছেক্স বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী আইৰিছ নাগৰিক নোৱেল টাটাই বিয়া কৰাইছে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ছাইৰাছ মিস্ত্ৰীৰ ভগ্নী আলো মিস্ত্ৰীক। ৰতন টাটা জীৱিত অৱস্থাত টাটা গ্ৰুপৰ কেইবাটাও প্ৰতিষ্ঠানৰ উপাধক্ষ্য আছিল নোৱেল টাটা। নোৱেল টাটাৰ কাৰ্যকালত টাটাই ইণ্টাৰনেচনেল লিমিটেডে বহু সফলতা লাভ কৰিছে। সেয়ে ৰতন টাটাৰ উত্তৰসুৰী হিচাপে নিৰ্বাচন কৰা হৈছে নোৱেল টাটাক। ১৫০ বছৰৰো অধিক কালত দেশ আৰু বিদেশত টাটা গ্ৰুপে বিভিন্ন কোম্পানী স্থাপন কৰিছে। ১৮৬৮ চনত মুম্বাইত টাটা পৰিয়ালে আৰম্ভ কৰিছিল ব্যৱসায়। বিভিন্ন সময়ত টাটাৰ প্ৰতিষ্ঠান লোকচানৰ সন্মুখীন হৈছিল যদিও ৰতন টাটাই টাটা গ্ৰুপৰ কোম্পানীৰ সংখ্যা শতকৰো অধিক কৰিলে আৰু লাভজনক ব্যৱসায়ত পৰিণত কৰিলে। কেৱল সফল উদ্যোগপতি হিচাপে নহয় দেশৰ অন্যতম শ্ৰেষ্ঠ সমাজসেৱক হিচাপে পৰিচিত হ’ল ৰতন টাটা। উদ্যোগপতি হিচাপে নহয়, ৰতন টাটাই টাটা গ্ৰুপক জনতাৰ কল্যাণকামী সংস্থা হিচাপে যিদৰে প্ৰতিষ্ঠা কৰিলে তাক উত্তৰসুৰীয়ে কিদৰে আগুৱাই নিব পাৰে সেয়াহে হ’ব ডাঙৰ প্ৰত্যাহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...