NO VACCINE, NO SALARY! জাঙুৰ খাই উঠিছে জনতা-কৰ্মচাৰী

ক’ভিডৰ ভেকচিন নল’লে দৰমহা নাপাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। প্ৰতিটো কথাতেই দৰমহা কৰ্তনৰ ভাবুকিৰে চৰকাৰী কৰ্মচাৰীক প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ নেকি ৰাজ্য চৰকাৰৰ?

চৰকাৰে পণবন্দী কৰিছে নেকি চৰকাৰী কৰ্মচাৰীক?
প্ৰতিটো কথাতেই দৰমহা কৰ্তনৰ ভাবুকি কিয়?
চৰকাৰী কৰ্মচাৰীক কৌশলপূৰ্ণভাৱে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ নেকি?

গুৱাহাটী, ২৫ জুন, NKTV: ক’ভিড ভেকচিন নল’লে অসম চৰকাৰৰ কৰ্মচাৰীয়ে নাপাব দৰমহা। চলিত মাহৰ পৰাই কাৰ্যকৰী হ’ব দৰমহা কৰ্তনৰ এই ব্যৱস্থা। মহামাৰীৰ এই দুঃসময়ত কোনো লোকেই ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থাকিব খোজা নাই। ক’ভিড প্ৰতিষেধকৰ এটা পালি বিচাৰি চৌদিশে কি হাহাকাৰ অৱস্থা সেয়া আমাৰ সকলোৰে জ্ঞাত। চৌদিশে মাথো ভেকচিনৰ নাটনিৰ খবৰ। তেনে সময়তেই দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীয়ে জাৰি কৰা এক নিৰ্দেশনাৰ পিছত হাহাকাৰ লাগিছে সাধাৰণ জনতা আৰু অসম চৰকাৰৰ কৰ্মচাৰীৰ মাজত। নিৰ্দেশনা অনুযায়ী,

ক’ভিড ভেকচিন নোলোৱা লোকে নাপাব দৰমহা
চলিত মাহৰ পৰাই কাৰ্যকৰী হ’ব এই ব্যৱস্থা
ঠিকাভিত্তিক, অস্থায়ী ক’ভিড যোদ্ধাইও ভেকচিন নল’লে নাপাব দৰমহা

এই নিৰ্দেশনাৰ পিছতেই জাঙুৰ খাই উঠিছে সাধাৰণ জনতা, কৰ্মচাৰী। চৰকাৰে নিজেই সৃষ্টি কৰা নাইনে এক বৃহৎ প্ৰশ্নবোধকৰ? এতিয়া দোমোজাত সাধাৰণ জনতা-কৰ্মচাৰী।

ক’ভিড ভেকচিন গ্ৰহণ কৰাতো ব্যক্তিগত ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল
যিসময়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰাতো বাধ্যতামূলক নহয় বুলি মত ব্যক্ত কৰিছে সেই সময়ত অসম চৰকাৰৰ এই নিৰ্দেশনাই উলংঘা কৰা নাইনে ব্যক্তি স্বাধীনতা? ভেকচিনৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীয়েহে কাৰ্যালয়ত উপস্থিত থকাৰ অনুমতি সূচক নিৰ্দেশনাত জাঙুৰ খাই উঠিছে সকলো। জুন মাহত জাৰি কৰা নিৰ্দেশনা অনুযায়ী এমাহৰ ভিতৰতেই ৰাজ্যৰ সকলো চৰকাৰী, ঠিকাভিত্তিক, অস্থায়ী কৰ্মচাৰীৰ এমাহৰ ভিতৰতেই প্ৰতিষেধক গ্ৰহণ সম্ভৱনে? কাৰণ ৰাজ্যত এতিয়া ভেকচিনৰ নাটনি। ক’ভাক্সিনৰ প্ৰথম ড’জ লোৱা বহুতেই এই পৰ্যন্ত পোৱা নাই দ্বিতীয় পালি প্ৰতিষেধক। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদেও।

জাননীৰ পূৰ্বে কৰ্মচাৰীৰ বাবে আৰম্ভ কৰা নাছিল বিশেষ প্ৰতিষেধক অভিযান
নিৰ্দিষ্ট প্ৰতিষেধক শিবিৰ নাথাকিলে সময়ত ভেকচিন লোৱা সম্ভৱ জানো?

ভেকচিন কেন্দ্ৰসমূহত যিদৰে ভিৰ পৰিলক্ষিত হৈছে জুন মাহৰ ভিতৰত সকলো বিষয়া–কৰ্মচাৰীৰ প্ৰতিষেধক গ্ৰহণ কেনেকৈ হ’ব সম্ভৱ? বিভিন্ন ৰোগত আক্ৰান্তসকলে ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ জমা দিব কিদৰে? ক’ভিশ্বিল্ডৰ দুয়োটা ড’জৰ মাজৰ ব্যৱধান ৮৪দিনৰ পৰা ১১২ দিনলৈ বৃদ্ধি কৰা হৈছে। তেনে ক্ষেত্ৰত ক’ভিশ্বিল্ড লোৱাসকলে কিদৰে দিব প্ৰতিষেধ গ্ৰহণৰ প্ৰমাণপত্ৰ? নে নিৰ্বাচনৰ সময়ত নানা আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি এতিয়া ঋণত পোত যোৱা চৰকাৰখনে বিত্তীয় সংকটৰ জোৰা–টাপলি মাৰিবলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক কৌশলেৰে দৰমহা দিয়াত বিলম্ব কৰিব বিচাৰিছে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...