শিক্ষা অবিহনে কোনো এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ লোহাঘাটৰ বজোৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত নিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন আৰু ৩৬সংখ্যক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ জনগোষ্ঠীয় সমাজখনক স্বকীয়তা বৰ্তাই ৰাখি নিজ পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে এটা জাতিৰ পৰিচয় কেৱল ভাষা বা সাজপাৰতে আৱদ্ধ নাথাকে। লোককলা, লোকসংস্কৃতি, ভাষা, বুৰঞ্জী, ইতিহাস, ধর্মীয় বিশ্বাস এই সকলোবোৰৰ সন্মিলিত শক্তিয়েই হৈছে সেই জাতি বা জনগোষ্ঠীটোৰ পৰিচয়। কিন্তু যেতিয়া এটা জাতি বা জনগোষ্ঠীয়ে নিজৰ পুৰণি ধৰ্মীয় বিশ্বাসৰ পৰা আঁতৰি আহে, তেতিয়া সেই জাতি বা জনগোষ্ঠীটোৱে নিজৰ শিপাৰ পৰা একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰে। তাৰ পৰা আৰম্ভ হয় সেই জাতি বা জনগোষ্ঠীটোৰ নতুনকৈ পৰম্পৰা সৃষ্টিৰ অভিযান আৰু এটা সময়ত নৱপ্ৰজন্মই পুৰণি সভ্যতা-সংস্কৃতিৰ পৰা বহুদূৰলৈ আঁতৰি আহে। ৰাজ্যৰ জনজাতীয় সমাজখনক নিজৰ ধৰ্মীয় বিশ্বাস, পৰম্পৰা, লোককলা, সংস্কৃতি আৰু ভাষাকে ধৰি আটাইবোৰ জীৱনধাৰণৰ প্ৰণালী ধৰি ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে সময়ৰ পৰিৱৰ্তনৰ লগত যিবোৰ উপাদান গ্রহণ কৰিলে জাতিটোৰ মৌলিকতা শেষ হৈ নাযায়, তেনেবোৰ উপাদানকহে গ্ৰহণ কৰা উচিত আৰু তেতিয়াহে নৱপ্ৰজন্মই জাতি বা জনগোষ্ঠী এটাক আগুৱাই লৈ যোৱাৰ বাবে প্ৰেৰণা লাভ কৰে।

শিক্ষা অবিহনে কোনো এটা জাতি বা জনগোষ্ঠী কেতিয়াও জীয়াই থাকিব নোৱাৰে বুলিও ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে জনজাতীয় সমাজখন যদি শিক্ষিত নহয়, তেতিয়া জনজাতীয় সমাজৰ ৰাজনৈতিক সংগ্রামে কেতিয়াও ইপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ নিখিল ৰাভা সাহিত্য সভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ৰাভা হাছং এলেকাত শিক্ষাৰ পৰিৱেশ কিদৰে উন্নত কৰিব পাৰি, সেই দিশত চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে ৰাভা হাছঙৰ অধীনস্থ বিদ্যালয়সমূহৰ পাৰদৰ্শিতাৰ খতিয়ান লোৱা আৰম্ভ কৰাৰো পোষকতা কৰে। তেওঁ কয় যে শিক্ষক নিযুক্তি, গুণোৎসৱ অনুষ্ঠিতকৰণ আদিৰ দ্বাৰা ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সমাজে যদি বিদ্যালয়সমূহৰ ওপৰত চকু নাৰাখে, তেতিয়া শিক্ষা ব্যৱস্থাই ইয়াৰ আকাংক্ষিত স্তৰত উপনীত হ’বলৈ সক্ষম নহ’ব। অসমৰ জনজাতীয় সমাজৰ মাজত শিক্ষাৰ ব্যাপকতা বৃদ্ধিৰ বাবে জনজাতীয় নেতৃবৰ্গক কাম কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত আহ্বান জনাই কয় যে যদি এটা জাতি জীয়াই থাকিব লাগে, তেতিয়া শিক্ষাৰ পোহৰেৰেহে জীয়াই থাকিব লাগিব। ৰাভা হাছং অঞ্চলত ভূমিৰ ওপৰত এক নিৰ্দিষ্ট অধিকাৰ দিয়াৰ বাবে ইতিমধ্যে নীতি-নিয়ম প্ৰস্তুতকৰণৰ দিশত ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলিও ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে সদৰি কৰে। তেওঁ কয় যে মিছন বসুন্ধৰাৰ অন্ত পৰাৰ পিছতে ৰাভা হাছং অঞ্চলত পৰিষদক ভূমিৰ ওপৰত অধিকাৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।

জনাকীর্ণ সভাখনত মুখ্যমন্ত্ৰীয়ে ৰাভা ভাষা আৰু সাহিত্যৰ বিকাশৰ দিশত নিখিল ৰাভা সাহিত্য সভাই গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লয়। তেওঁ কয় যে ৰাভা জনগোষ্ঠী হৈছে এক সমৃদ্ধ লোকজীৱন, লোককৃষ্টিৰ অধিকাৰী। বৰ্ণিল এই কলা-সংস্কৃতিৰ আধাৰতে গঢ় লৈ উঠিছে ৰাভা সাহিত্য আৰু ৰাভা সাহিত্যৰ মাজেদি প্রকাশিত চিন্তা-চৰ্চা আৰু চেতনাই অসমৰ সাহিত্যৰ ক্ষেত্ৰখনক সাৰুৱা কৰি তুলিছে। মুখ্যমন্ত্ৰীয়ে ভাষণত নিখিল ৰাভা সাহিত্য সভাই ৰাভা জনগোষ্ঠীৰ বিস্তৃত আৰু প্রামাণ্য বিষয়ক বুৰঞ্জী ৰচনাৰ কাৰ্য হাতত লোৱাৰ বাবে আহ্বান জনায়। তেওঁ মন্তব্য কৰে যে অসমৰ সকলো ধৰণৰ বুৰঞ্জীৰ অধ্যয়ন আৰু গৱেষণাৰ ওপৰত ভিত্তি কৰি ৰাভা জনগণৰ বিভিন্ন দিশৰ প্ৰতিফলনেৰে ৰচিত বুৰঞ্জীখনত বিজ্ঞানসন্মত বিশ্লেষণ আৰু গৱেষণালব্ধ জ্ঞানৰ আধাৰত লিপিবদ্ধ কৰা জনগোষ্ঠীটোৰ জন্ম আৰু ক্ৰমবিকাশৰ ইতিহাস, ৰীতি-নীতি, প্রাচীন সমাজ ব্যৱস্থা আৰু কৃষ্টি-সভ্যতাৰ কথা সন্নিৱিষ্ট হোৱা উচিত। মুখ্যমন্ত্রীয়ে নিখিল ৰাভা সাহিত্য সভাই অধিৱেশনৰ সৈতে সংগতি ৰাখি ১১৯খন গ্ৰন্থ প্ৰকাশ কৰা কাৰ্যৰো শলাগ লয় । উল্লেখ্য যে নিখিল ৰাভা সাহিত্য সভাই প্ৰকাশ কৰা এই গ্ৰন্থসমূহৰ মাজত বহু কেইখন অনুবাদ গ্রন্থ আছে। এই গ্রন্থসমূহৰ জৰিয়তে ৰাভা সাহিত্যৰ পাঠকসকলে ভিন্নমুখী জ্ঞান আহৰণ কৰাৰ সুযোগ লাভ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে এই গ্রন্থসমূহ প্ৰকাশৰ বাবে হোৱা ব্যয়ৰ বাবদ ৰাজ্য চৰকাৰে নিখিল ৰাভা সাহিত্য সভালৈ ৫০ লাখ টকাৰ ধনৰাশি আগবঢ়াব বুলিও ঘোষণা কৰে। ৰাজ্য চৰকাৰে নিখিল ৰাভা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় ভৱন নিৰ্মাণৰ অৰ্থে ২ কোটি টকা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে সভাত ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...