এতিয়াৰে পৰা চৰকাৰী খৰচত আৰু নচলে মাদ্ৰাছা!

ৰাজ্যত এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ মাদ্ৰাছা
চৰকাৰৰ মাদ্ৰাছা শিক্ষা বন্ধৰ সিদ্ধান্তক ন্যায়ালয়ৰ ছীল-মোহৰ
২০২০ত মাদ্ৰাছা বন্ধৰ আইন প্ৰণয়ন কৰিছিল চৰকাৰে
আছাম ৰিপীলিং এক্ট, ২০২০ক প্ৰত্যাহ্বান জনাই লেখ আবেদন দাখিল কৰিছিল ন্যায়ালয়ত
১৪ জন লোকে দাখিল কৰিছিল এই লেখ আবেদন
ৰাজ্যত মাদ্ৰাছা বন্ধ নকৰিবলৈ আবেদন জনাইছিল
দীৰ্ঘ শুনানিৰ অন্তত এই লেখ আবেদন খাৰিজ ন্যায়ালয়ৰ
ন্যায়ালয়ৰ নিৰ্দেশক ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰীৰ

ৰাজ্যত বৰ্তমান সময়ত থকা মাদ্ৰাছা, হাই মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যত থকা মাদ্ৰাছা, হাই মাদ্ৰাছা বন্ধ কৰা হ’ব কিয়নো ৰাজ্য চৰকাৰে ভাৱে যে চৰকাৰৰ ধন ৰাশি ব্যয় কৰি ধৰ্মগ্ৰন্থ শিকোৱাত চৰকাৰৰ অধিকাৰ নাই।‌ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ধৰ্মৰ ওপৰত আধাৰিত শিক্ষানুষ্ঠান সমূহ বন্ধ কৰা হ’ব আৰু এই সমূহক সাধাৰণ হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী স্কুললৈ ৰূপান্তৰিত কৰা হ’ব। ২০২০ চনতে মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সমূহক লৈ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, “আমি মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলক স্বেচ্ছাসেৱী অৱসৰ প্ৰদান কৰিম আৰু তাৰ ভিতৰত তেওঁলোকৰ অৱসৰ গ্ৰহণৰ তাৰিখলৈ তেওঁলোকক ৰাজ্য চৰকাৰে দৰমহা প্ৰদান কৰিব”।‌ ৰাজ্যত চৰকাৰী অনুদান প্ৰাপ্ত ৬৪০খন মাদ্ৰাছা আৰু হাই মাদ্ৰাছা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...