পদে পদে বিপদ, কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ?

আৰম্ভ হ’ল সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মহাকাশ আস্থানৰ পৰা উভতিছে মহাকাশচাৰীক কঢ়িয়াই অনা যান। সুনীতা উইলিয়ামছ আৰু আন ৩ সহযোগী উভতিছে ড্ৰেগন স্পেছ ক্ৰাফ্টত। ভাৰতীয় সময় অনুসৰি পুৱা ৮.১৫ বজাত বন্ধ হ’ল স্পেছক্ৰাফ্টৰ দুৱাৰ। পৃথিৱীলৈ উভতি আহিবলৈ ১৭ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব স্পেছক্ৰাফ্টৰ। বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত পৃথিৱীপৃষ্ঠ স্পৰ্শ কৰিব স্পেছক্ৰাফ্টখনে

ইয়াৰ মাজতে হয়তো আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ? পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা খুব সহজ নহয় যানখনৰ বাবে। বায়ুমণ্ডলত প্ৰৱেশৰ পূৰ্বে খুলি পেলোৱা হ’ব যানখনৰ ডেউকা। ড্ৰেগনৰ পৰা বিচ্ছিন্ন হৈ যাব যানৰ এটা অংশ। কিন্তু ইয়াৰ মাজতে বায়ুমণ্ডলৰ তাপ সহ্য কৰাৰ দৰে অনুকূল পৰিস্থিতিও সৃষ্টি কৰিব লাগিব ড্ৰেগন যানখনে। যাৰবাবে সেই যানখনত থকা বিশেষ হিট শ্বিল্ড খুলি দিব। ই তীব্ৰ তাপৰ পৰা ৰক্ষা কৰিব সুনীতা বাহিনীক। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশৰ পিছতে গতি কমাই দিব যানখনে। তাৰ পিছতে খুলি দিয়া হ’ব চাৰিটাকৈ পেৰাশ্বুট। আৰু সেই পেৰাশ্বুটৰ সহায়তেই ফ্লৰিডাৰ সমুদ্ৰলৈ নামি আহিব যানখন। সুনীতা বাহিনীক উদ্ধাৰৰ বাবে সেই ঠাইত থাকিব এখন বিশেষ যাহাজ। সেই জাহাজেৰেই তেওঁলোকক লৈ যোৱা হ’ব উপকূললৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...