পুখুৰীত মাছ নহয়, ওলাল চোৰ

ছিপাঝাৰৰ এটা পুখুৰীৰ পাৰত হঠাতে লাগিল হুৱা-দুৱা। পুখুৰীৰ পাৰত শ শ মানুহ। সকলোৰে চকুবোৰ পুখুৰীত। কিন্তু কিয় এই উৎসুকতা?

আচলতে এটা মোবাইল চোৰক লৈহে সৃষ্টি হয় এই পৰিস্থিতিৰ। জানিব পৰা মতে, একাংশই এটা মোবাইল চোৰক ধৰি থানাত চমজাই দিবলৈ লৈ গৈছিল বাইকেৰে। তেনেতেই চোৰটোৱে পলাই গৈ আশ্ৰয় লৈছিল পিতনিত। তাৰ পিছতেই হুৱা-দুৱা লাগে স্থানীয় ৰাইজৰ মাজত। বহু সময় চিৰাখোৱাপাৰাৰ এটা লেতৰা পিতনিতে লুকাই থাকিল চোৰটো।

অৱশেষত ৰাইজে বোকাৰ মাজৰ পৰা ধৰি আনি আৰক্ষীক গতাই দিলে ইফতাৰুল ৰহমান নামৰ চোৰটোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...