ছিপাঝাৰৰ এটা পুখুৰীৰ পাৰত হঠাতে লাগিল হুৱা-দুৱা। পুখুৰীৰ পাৰত শ শ মানুহ। সকলোৰে চকুবোৰ পুখুৰীত। কিন্তু কিয় এই উৎসুকতা?

আচলতে এটা মোবাইল চোৰক লৈহে সৃষ্টি হয় এই পৰিস্থিতিৰ। জানিব পৰা মতে, একাংশই এটা মোবাইল চোৰক ধৰি থানাত চমজাই দিবলৈ লৈ গৈছিল বাইকেৰে। তেনেতেই চোৰটোৱে পলাই গৈ আশ্ৰয় লৈছিল পিতনিত। তাৰ পিছতেই হুৱা-দুৱা লাগে স্থানীয় ৰাইজৰ মাজত। বহু সময় চিৰাখোৱাপাৰাৰ এটা লেতৰা পিতনিতে লুকাই থাকিল চোৰটো।

অৱশেষত ৰাইজে বোকাৰ মাজৰ পৰা ধৰি আনি আৰক্ষীক গতাই দিলে ইফতাৰুল ৰহমান নামৰ চোৰটোক।
