বুধবাৰৰ পৰা আৰম্ভ অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহু

“হাঁচতি ঐ চ’ত
বিচতি ঐ চ’ত
বুধে বিৰচতি মঙলে উৰুকা
বিহু গৈ আছিলি ক’ত”

বুধবাৰৰ পৰা আৰম্ভ অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহু। পৰম্পৰা অনুসৰি বহাগৰ প্ৰথম বুধবাৰে মৰাণসকলে পালন কৰিছে গৰুবিহু। গৰু বিহু উপলক্ষে লোকাৰণ্য হৈ পৰিল নদী, নিজৰাৰ পাৰ। গৰুকেইটা জলাশয়ত নমাই নোৱালে–ধুৱালে ।

ৰঙালী বিহু পালনত মৰাণ জনগোষ্ঠীয়ে ৰাখিছে সুকীয়া বৈশিষ্ট্য। মৰাণ জনগোষ্ঠীয়ে পৰম্পৰা ৰক্ষা কৰি ব’হাগৰ প্ৰথমটো মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে পালন কৰি আহিছে। তিনিচুকীয়াত গৰু বিহুৰ দিনা একাংশৰ মৰমৰ হাতীটোকো আনি গা ধুৱালে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মৰাণ জনগোষ্ঠীৰ লোকসকলেও বুধবাৰৰ পৰা পৰম্পৰা ৰক্ষা কৰি পালন কৰিব ব’হাগ বিহু৷ মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহুৰ ইতিহাস বহু পুৰণি।

ৰঙালীৰ মৰাণসকলে তেওঁলোকৰ গুৰু শ্ৰীশ্ৰী চতুৰ্ভুজ আৰু শ্ৰী শ্ৰী অষ্টভুজক স্মৰণ কৰে। গুৰু দুজনক বিহুৰ দিনতে মঙ্গল আৰু বুধবাৰে হত্যা কৰা হৈছিল। গুৰু দুজনক এই দিনত স্মৰণত কৰি বিহু উদযাপন কৰা হয়। তথাপি ই প্ৰাণৰ উৎসৱ। কৃষকৰ সৈতে সম্পৰ্ক আছে মৰাণসকলৰ ৰঙালী বিহুৰ।

আন এক জনশ্ৰুতি মতে, আহোম ৰজাই কুৰঙ্গনয়নীৰ হতুৱাই ৰাঘৱ মৰাণক বিহুৰ দিনাই হত্যা কৰাইছিল। সেয়ে আহোম ৰজাই পতা বিহুৰ সৈতে মৰাণসকলে বিহু নাপাতে, হুঁচৰি নাগায়। এই পৰম্পৰা আজিও অক্ষুণ্ণ আছে। মঙলবাৰে উৰুকাৰ পৰাই এক প্ৰকাৰ মৰাণসকলৰ ৰঙালী বিহুৰ শুভাৰম্ভ ঘটে। তথাপি বুধবাৰে গৰু বিহুৰে ৰঙালী বহুল ভাবে উদযাপন হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...