সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত নাম। বিভিন্ন বিষয়ত প্ৰায়বোৰ বাতৰি কাকতত ড০ পৰিধি শৰ্মাই লিখিছিল বিভিন্ন লেখা। পৰিধিৰ লিখনিত আছিল চোক। ৰজাঘৰকো তুলাধুনা দিছিল পৰিধিয়ে। ৰাজনীতি, সমাজনীতি, বিজ্ঞান আছিল পৰিধিৰ লিখনিৰ বিষয়বস্তু। বহু বিজ্ঞ, গুনী-জ্ঞানী লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল ড০ পৰিধিৰ লেখাই। ড০ পৰিধি শৰ্মাৰ লেখাৰ শিৰোনামে শ’লঠেকত পেলাইছিল চৰকাৰক। পৰিধিৰ লেখাৰ শিৰোনাম আছিল,

‘এনকাউণ্টাৰঃ আৰক্ষীৰ তদন্ত নে গেং ৱাৰ
ক্ষমতাৰ লোভে বিনাশ মাতিছে গণতন্ত্ৰৰ
দুৰ্নীতি আৰু ক্ষমতাৰ সহস্ৰমুখী ফণা
অহংকাৰত মতলীয়া অসমীয়া
অসমীয়া সঁচাকৈ শৰাধ খোৱা জাতি নেকি?’

আৰু বিভিন্ন ধৰণৰ বিষয়ত কাকত, আলোচনীত প্ৰকাশ পাইছিল ড০ পৰিধিৰ শৰ্মাৰ লিখনি। ড০ পৰিধি শৰ্মাৰ নামত আছিল ফেচবুক একাউণ্টো। বিভিন্ন ক্ষেত্ৰৰ পৰিচিত লোকৰ সৈতে আছে যোগাযোগ। অসম চৰকাৰৰ বিত্ত বিভাগৰ এখন সমিতিত স্থান পোৱাৰ পাছত তেওঁৰ পৰিচয়ৰ ওপৰত সন্দেহৰ সৃষ্টি হয়। কিন্তু হঠাৎ ড০ পৰিধি শৰ্মাৰ পৰিচয়ৰ সন্ধান চলিল। CIDৰ ওচৰত ৰুজু হ’ল গোচৰ।

পৰিচয় ওলাল। ড০ পৰিধি শৰ্মা এজন সাধাৰণ যুৱকৰ ছদ্ম নাম। যুৱকজন গৌৰীসাগৰৰ ধ্ৰুৱজ্যোতি শইকীয়া। NKTVত যুৱকজনে বিৱৰি ক’লে সকলো কথা। প্ৰকৃত নামত লিখি ভাবুকিৰ সন্মুখীন হৈছিল ধ্ৰুৱজ্যোতি! ভাল লিখিলেও বিশ্বাসত নলয় বহুজনে! সেয়ে ড০ পৰিধি শৰ্মা ছদ্ম নামত লিখিবলৈ আৰম্ভ কৰে!

এতিয়া প্ৰশ্ন হৈছে ধ্ৰুৱজ্যোতি শইকীয়াই ছদ্মনাম লৈ লিখা–মেলা কৰাতো কি অপৰাধৰ কাম হ’ল। বিশ্ব সাহিত্যত শ শ জন বিখ্যাত হৈছে ছদ্মনামেৰে। অসমীয়া সাহিত্যত বহুজন আছে ছদ্মনামেৰে বিখ্যাৎ হোৱা সাহিত্যিত। ধ্ৰুৱজ্যোতিয়ে ফেচবুকত একাউণ্ট খোলোতে ভূৱা পৰিচয় দিয়াৰ অভিযোগ। ড০ পৰিধি শৰ্মাই দিল্লী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে পৰিচয় দি আহিছে। প্ৰশ্ন এইখিনিতে ভূৱা পৰিচয় আৰু ছদ্মনামৰ পাৰ্থক্য নুবুজি ভুল কৰিলে নেকি ধ্ৰুৱজ্যোতি শইকীয়াই। তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰো ৰুজু কৰিছে অসম আৰক্ষীয়ে। কিন্তু প্ৰশ্ন হৈছে প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱাৰ পিছত হেৰাই যাব নেকি ড০ পৰিধি শৰ্মা। অন্ত পৰিল নেকি পৰিধিৰ সুতীক্ষ্ণ লিখনিৰ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...