ভাওনাৰ মাজতে ভাৱৰীয়াৰ চুলিত লাগিল জুই

নাৰায়ণপুৰৰ জয়পুৰত ভাওনা চলি থকাৰ মাজতে অঘটন। ৰাম বিজয় নাটৰ এটা বিশেষ দৃশ্যৰ মাজতে ঘটিল কোনেও কল্পনা নকৰা ঘটনা। ভাওনা চলি আছিল। নামঘৰত প্ৰৱেশ কৰিছিল ৰাৱণৰ অন্যতম বিশ্বস্ত তাৰকা ৰাক্ষসীৰ দুই পুত্ৰ মাৰিছ আৰু সুবাহুৱে। উদ্দেশ্য ঋষি বিশ্বামিত্ৰই যজ্ঞৰ বাবে লৈ যোৱা ৰাম লক্ষ্মণৰ বাট ভেটিব লাগে। সেয়ে ভিন্ন ভংগীমাৰে বাঁহীৰ সুৰ আৰু খোলৰ তালে তালে প্ৰৱেশ চলিছে তাৰকা মাৰিছৰ। মাজে মাজে অট্টহাস্যৰ খলকনি উঠিছে নামঘৰত। এবাৰত ভাওনা চাবলৈ অহা কণমানিহঁতৰ সন্মুখত ৰৈও ভংগীমা দেখুৱাইছে ৰাক্ষসৰূপী ভাৱৰীয়াই।

নাট মতে পৰৱৰ্তী সময়ত যুদ্ধ হ’ব ৰাম-লক্ষ্মণ আৰু তাৰকাৰ। অত্যাধুনিক আলোকসম্পাতৰ ব্যৱস্থা কৰা হৈছে নামঘৰৰ ভিতৰতে। তেনেতে……

আলোকসম্পাতৰ পৰা ওলোৱো ফিৰিঙতিয়ে সৃষ্টি কৰিলে অগ্নিকাণ্ডৰ। জুই লাগি গ’ল ৰাক্ষস মাৰিছ আৰু সুবাহুৰ চুলিত। আন ভাৱৰীয়াৰো চুলিত লাগিল জুই। চাৰিওফালে হুৱা-দুৱা। মণিকূটৰ ফালে দৌৰি গল ৰাম লক্ষ্মণো। কথমপি পৰিধান কৰি থকা চুলি খুলিহে ৰক্ষা পৰিল ৰাক্ষসদ্বয়ৰ। গৰুবন্ধা আঞ্চলিক উন্নয়ণ সমন্বয় সমিতিৰ অন্তৰ্গত ১৫ খন গাঁও মিলি ১১ অক্টোবৰৰ পৰা অক্টোবৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত গুৰুজনাৰ জন্মোৎসৱত এনেদৰেই ঘটিল এটা অনাকাংক্ষিত ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...