খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, জুনিয়ৰ শাখাৰ ফাইনেলত নগাঁও-মাকুম

নগাঁও-মাকুমৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি প্ৰতিযোগিতাৰ অন্তিম চাৰিখন লীগৰ খেল অনুষ্ঠিত হোৱাৰ পাছত মাকুমে গ্ৰুপ ‘এ’ৰ শীৰ্ষ দল হিচাপে তথা নগাঁও দলে গ্ৰুপ ‘বি’ৰ শ্ৰেষ্ঠ হৈ খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷

কাইলৈ পূৱা ৯.৩০ বজাত ফাইনেল খেলখন অনুষ্ঠিত হ’ব আৰু মেচৰ অন্তত অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই চেম্পিয়ন দলক ট্ৰফী প্ৰদান কৰিব বুলি অসম হকীৰ সম্পাদক তপন দাসে জনাইছে৷ ইফালে, ফাইনেল মেচৰ পূৰ্বে তৃতীয়স্থান নিৰ্ধাৰণকাৰী খেলখন পূৱা আঠ বজাত অনুষ্ঠিত হ’ব৷ গ্ৰুপ ‘এ’ আৰু ‘বি’ৰ দ্বিতীয় স্থানত থকা দল নাহৰকটীয়া আৰু তেজপুৰৰ মাজত এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ শাখাৰ লগতে¸ ছাব-জুনিয়ৰৰ খেলো অনুষ্ঠিত হৈছে৷ কাইলৈ আবেলিৰ পৰা ছাব-জুনিয়ৰৰ লীগৰ খেল অনুষ্ঠিত হ’ব৷ জুনিয়ৰ শাখাৰ দৰে ছাব-জুনিয়ৰ শাখাতো আঠটা দলে অংশগ্ৰহণ কৰিছে৷ দুটা গ্ৰুপত দলকেইটাক ভাগ কৰি শীৰ্ষ দুটাই অহা ২৬ মাৰ্চত ফাইনেল খেলিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...