এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ

মৰমৰ
নতুন বছৰটোৱে তোমালৈ কঢ়িয়াই আনক অনাবিল আনন্দ, সুখ সমৃদ্ধি আৰু ভালপোৱা। তোমাৰ জ্ঞান গৰিমাৰ সুগন্ধি, এপাহ তেজৰঙা গোলাপৰ দৰে যেন বিয়পি পৰক জীৱনৰ পৰা জীৱনলৈ। অন্তৰৰ নিভৃত কোণত সাঁচি ৰখা মৰম আৰু ভালপোৱাৰে তোমালৈ মোৰ এয়া নৱবৰ্ষৰ শুভকামনা…
ইতি তোমাৰ মৰমৰ…..

এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ। ৮০-৯০ৰ দশকৰ ব্যক্তিৰ বাবে এধানি হেৰাই যোৱা আৱেগ। প্রযুক্তিৰ হাতত ধৰি আগবাঢ়িছে এতিয়াৰ প্রজন্ম। দোকানৰ কোনোবা কোণত পৰি আছে গ্ৰীটিংছ কাৰ্ড।

হয়, চিঠিৰ কথা নহয়। গ্ৰীটিংছ কাৰ্ডৰ কথা কব বিচাৰিছো। ডিচেম্বৰতেই গ্ৰীটিংছৰ কথা মনত নেপেলাই পেলাম কেতিয়া। বছৰ শেষ হ’বলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী। তথাপিও প্ৰিয়জনৰ পৰা নাহিল এনে এটি শুভেচ্ছা বাৰ্তা। এটা সময় আছিল নতুন বছৰ বুলিলেই প্ৰিয়জনৰ শুভেচ্ছা বার্তা পাবলৈ অপেক্ষা কৰিছিল এখন গ্রীটিংছ কাৰ্ডৰ। এই অপেক্ষাৰ আঁৰত কত’ হেঁপাহ আছিল। কি লিখিব প্রিয়জনৰ বাবে। ডাকোৱালে জোলোঙাত কঢ়িয়াই অনা বগা, হালধীয়া ৰঙৰ বন্ধ খামৰ ভিতৰত থকা কার্ডখন খুলি চোৱাৰ মাদকতা আছিল অনন্য। আনকি নিজৰ গ্ৰীটিংছ কাৰ্ডৰ জড়িয়তেই ইজনে সিজনক দিছিল প্ৰেমৰো প্ৰস্তাৱ। কি চহৰ, কি গাঁও সকলোৱে গ্ৰীটিংছ কাৰ্ডৰ জৰিয়তেই পঠিয়াইছিল প্রিয়জনলৈ শুভেচ্ছা বার্তা। বহুতেই আকৌ নিজৰ পছন্দমতে নিজ হাতে তৈয়াৰ কৰিছিল গ্রীটিংছ কার্ড। নতুন বছৰ অহাৰ লগে লগে দোকানসমূহতো গ্রীটিংছ কার্ড কিনিবলৈ ভিৰ কৰিছিল সকলো প্ৰজন্মৰ লোকেই! সেয়া আছিল এসময়ৰ কথা। এতিয়া প্রযুক্তিৰ হাতত ধৰি আগবাঢ়িছে প্রজন্ম।

এই হিয়াভৰা বাৰ্তা যেন এতিয়া অতীত হ’ল। এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ আপোনাৰো হয়তো কেতিয়াবা মনত পৰে। সেয়ে আমিও ৰোমন্থন কৰিলো পুৰণি নৱবৰ্ষৰ স্মৃতিৰ ভঁৰালৰ সেই ভাল লগা কথাবোৰ।

Popular

More like this
Related

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড।...

সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা...

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত...

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...