আজি গৰু বিহু

আজি গৰু বিহু। প্ৰতিজন অসমীয়াই পালন কৰিছে গৰু বিহু। পৰম্পৰা অনুযায়ী গৰুক মাহ-হালধিৰে নোৱাইছে–ধোৱাইছে চহা অসমীয়াই।মাহ-হালধিৰে নোৱাই-ধোৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে অসমীয়াই। মাখিয়তী, দীঘলতী লৈ গৰুক গা ধোৱাবলৈ পুৱাই ওলাই আহিল ৰাইজ। ‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’ ধ্বনিৰে মুখৰিত পৰিৱেশ। গধূলি নতুন পঘাৰে বান্ধিব গৰুক। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত গৰু বিহু পালন। ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত মুখৰ গাঁও-চহৰ। বসন্তৰ বতৰাই উন্মনা কৰিছে প্ৰতিজন অসমীয়াৰ দেহ-মন। সমান্তৰালকৈ কংক্ৰিটৰ মহানগৰীতো গৰু বিহু পালন কৰিছে অসমীয়াই। ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে প্ৰত্যেকজন অসমীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...