মাহজোৰা ত্যাগ, সংযম, ৰোজাৰ অন্তত কাইলৈ ঈদ

এমহীয়া উপবাস ৰোজাৰ অন্তত ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব ঈদ-উল-ফিটৰ। আজি অন্তিমটো ৰোজা। বিগত এটা মাহে ত্যাগ আৰু সংযমৰ এই ৰোজা পালন কৰি কাইলৈৰ ঈদৰ বাবে সাজু হৈছে ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ। প্ৰতি বছৰেই আকাশত নতুন জোন দেখা পোৱা নোপোৱাক লৈ ঈদৰ বাবে কিছু বিভ্ৰান্তি হয়। চৌদি আৰৱত এদিন পূৰ্বেই উদযাপন হয়। এইবেলিও চৌদি আৰৱৰ আকাশত শনিবাৰেই দেখা পোৱা গৈছে নতুন জোন। তাৰ পৰিপ্ৰেক্ষিত্বত চৌদি আৰৱত দেওবাৰে আৰু ভাৰতবৰ্ষত সোমবাৰে পালন কৰা হ’ব ঈদ-উল-ফিটৰ। ছৌদি আৰৱৰ মদিনা চহৰত আদায় কৰা হয় সমূহীয়া ঈদৰ নামাজ। ওমৰাহৰ বাবে ছৌদিলৈ অসমৰ এটা দলেও আদায় কৰে ঈদৰ নামাজ। অসমৰ মনিৰুদ্দিন আহমেদৰ নেতৃত্বত গৈছিল এই দলটো। মদিনা ঈদৰ নামাজ আদায় কৰিবলৈ পাই নিজকে ধন্য বুলি মন্তব্য।

গুৱাহাটীৰ কোন মছজিদ-ঈদগাহত কেতিয়া অদা কৰা হ’ব ঈদৰ নামাজ? বুঢ়া জামে মছজিদত পুৱা ৮:৩০ বজাত, মছখোৱা ঈদগাহত পুৱা ৯:৩০ বজাত। সিজুবাৰী ঈদগাহত পুৱা ৮ বজাত, পূৱ গুৱাহাটী ঈদগাহত পুৱা ৯ বজাত। ৰাজধানী মছজিদত পুৱা ৮:৩০ বজাত, কাহিলীপাৰী দক্ষিণগাঁৱত পুৱা ৮ বজাত।

ঈদক লৈ ৰাজ্যৰ বজাৰতো এতিয়া উখল-মাখল। ফাঁচী বজাৰত তৰহে তৰহে চেৱৈ, খেজুৰ, ফল-মূল। এমহীয়া ৰোজাৰ অন্তত ঈদৰ দিনা বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে ভালদৰে এসাজ খোৱাৰ বাবে বজাৰতো ভিৰ কৰিছেহি ইছলামধৰ্মীয় লোকসকলে। সুস্বাদু খাদ্যসম্ভাৰেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ।

সমগ্ৰ অসমৰ লগতে পৱিত্ৰ ঈদত নিজৰ পচন্দৰ সাজ পোছাক কিনিবলৈ দক্ষিণ কামৰূপৰ সোণতলীৰ মাহতলী বজাৰতো ব্যাপক ভিৰ৷ কাপোৰৰ দোকান, জোতা-চেণ্ডেলৰ দোকানত গ্ৰাহকৰ ভিৰ৷ সামগ্ৰীৰ দাম বৃদ্ধিত হোৱাত দৰিদ্ৰ জনতাযই বজাৰ সমাৰ কৰাত অৱশ্যে সৃষ্টি হৈছে কিছু অসুবিধাৰ।

গোৱালপাৰাৰ লক্ষীপুৰতো ঈদ উল ফিতৰকলৈ ব্যাপক উছাহ পৰিলক্ষিত হৈছে। সমূহীয়া নামাজৰ বাবে সাজু কৰি তোলা হৈছে ঈদগাহসমূহ। সুন্দৰকৈ সজাই পৰাই তোলা হৈছে জলেশ্বৰৰ কাটাৰীহাৰা আঞ্চলিক ঈদগাহ। ধৰ্মপ্ৰাণ ৰাইজক যথা সময়ত ঈদগাহত উপস্থিত হ’বলৈ অনুৰোধ পৰিচালনা কমিটিৰ।

এনেকৈয়ে আগবাঢ়িছে ঈদৰ প্ৰস্তুতি। আল্লাহৰ আগত নিজকে সমৰ্পিত কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...