HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি। ১৭ এপ্ৰিলৰ পৰা সক্ৰিয় হ’ব ‘দৰ্পন’ প’ৰ্টেল। এই প’ৰ্টেলৰ জৰিয়তে আবেদন পত্ৰ দাখিল কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। www.darpan.ahseconline.in ৱেব ছাইটত উপলব্ধ হ’ব এই প’ৰ্টেল। দৰ্পন প’ৰ্টেলৰ সুবিধা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব www.ahsec.assam.gov.inতো। ১৭ৰ পৰা ২৪ এপ্ৰিললৈ অনলাইনযোগে প্ৰ-পত্ৰ দাখিল কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। প্ৰাৰ্থীৰ তালিকা, ৱেটিং লিষ্ট প্ৰস্তুত কৰা হ’ব ২৫ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ। চূড়ান্ত প্ৰাৰ্থীৰ তালিকা, ৱেটিং লিষ্ট প্ৰকাশ হ’ব ২৭ এপ্ৰিলৰ পুৱা ১০ বজাত। ২৭ৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব নামভৰ্তিৰ সুবিধা। দৰ্পনযোগে সংশ্লিষ্ট শিক্ষানুষ্ঠানত নামভৰ্তি নিশ্চিত কৰিব ৩০ এপ্ৰিলৰ পৰা ১০ মে’ৰ ভিতৰত। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে বিবৃত্তিযোগে প্ৰকাশ কৰে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...