ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন SOP

গুৱাহাটী, ২১ জুন, NKTV: ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন SOP। কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰ্দেশনা। অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত। ৰাজ্যৰ ৮খন জিলাত শিথিল সান্ধ্য আইন।

আৰু কি কি আছে নতুন SOPত?

  • সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ৮জিলাত সান্ধ্য আইন
  • চিৰাং, ওদালগুৰি, পঃ কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্য আইন
  • মাজুলী, বঙাইগাঁও, দঃ শালমাৰাত ৫ বজাৰ পৰা সান্ধ্য আইন
  • ডিমা হাছাও, চৰাইদেউতো সান্ধ্য আইন বিয়লি ৫ বজাৰ পৰা
  • গুৱাহাটীত দুপৰীয়া ১ বজালৈ খুলিব পাৰিব দোকান
  • গুৱাহাটীত দুপৰীয়া ১ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়
  • বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ গুৱাহাটীত কাৰ্ফিউ
  • ৫খন জিলাত এতিয়াও হৈ আছে উদ্বেগজনক পৰিস্থিতি
  • ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰৰ পৰিস্থিতি উদ্বেগজনক
  • শোণিতপুৰ, নগাঁৱতো উন্নত হোৱা নাই পৰিস্থিতি
  • স্বাস্থ্য বিভাগে পৰ্যৱেক্ষণৰ মাজত ৰাখিছে জিলাকেইখন
  • পৰিস্থিতি উন্নত নহ’লে জিলাকেইখনত কঠোৰ পদক্ষেপ
  • বাকী জিলাসমূহত দুপৰীয়া ১ বজাৰ পৰা হ’ব সান্ধ্য আইন
  • দুটা ড’জ ভেকচিন লোৱাসকল আহিব লাগিব কাৰ্যালয়লৈ
  • সভা, অনুষ্ঠান-পাৰ্বনক লৈ পূৰ্বৰ নিৰ্দেশনা বাহাল
  • পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বন্ধ শিক্ষানুষ্ঠান
  • গৰ্ভৱতী মহিলাসকল আহিব নালাগে কাৰ্যালয়লৈ
  • ৫ বছৰৰ তলৰ শিশুৰ মাতৃও আহিব নালাগে কাৰ্যালয়লৈ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...