বেইজিঙৰ সৈতে সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰিবলৈ আগ্ৰহী নতুন দিল্লী!

ভাৰতে চীনৰ সৈতে সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰাৰ পদক্ষেপ লৈছে। নতুন দিল্লীৰ পৰা বেইজিঙৰ সৈতে এই বিষয়ে কথা-বতৰাও চলি আছে। বৃহস্পতিবাৰে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই কথা জনাইছে। ক’ৰোনা মহামাৰীৰ সময়ত ২০২০ চনত সীমান্ত বাণিজ্য বন্ধ হৈ গৈছিল। তাৰ পিছতেই লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰত-চীন সংঘৰ্ষৰ ঘটনা ঘটিছিল। তেতিয়াৰ পৰা দুয়োখন দেশৰ সীমান্ত বাণিজ্য বন্ধ হৈ আছে। এইবাৰ ভাৰতে তাক পুনৰ আৰম্ভ কৰাৰ উদ্যোগ লৈছে। উল্লেখযোগ্য যে, আমেৰিকাৰ সৈতে কূটনৈতিক টনা-টনিৰ মাজতে নতুন দিল্লীয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

বৃহস্পতিবাৰে জয়ছোৱালে জনাইছে যে, উত্তৰাখণ্ডৰ লিপুলেখ পাছ, হিমাচল প্ৰদেশৰ শিপকি লা আৰু ছিক্কিমৰ নাথু লা— এই তিনিটা স্থানৰ জৰিয়তে সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰিবলৈ ভাৰতে চীনৰ সৈতে যোগাযোগ ৰাখিছে। এই বিষয়ে কোনো অগ্ৰগতি হ’লে পিছত জনোৱা হ’ব। শেহতীয়াকৈ ‘ব্লুমবাৰ্গ’ সংবাদমাধ্যমৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে, চীন আৰু ভাৰতে সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰাৰ পদক্ষেপ লৈছে। এইবাৰ ভাৰতীয় বিদেশ মন্ত্ৰণালয়েও নিশ্চিত কৰিছে যে, বেইজিঙৰ সৈতে এই বিষয়ে কথা-বতৰা চলি আছে। চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ প্ৰশাসনো সীমান্ত বাণিজ্যৰ আলোচনাৰ প্ৰতি ইতিবাচক সঁহাৰি দেখুৱাইছে। বৃহস্পতিবাৰে চীনৰ বিদেশ মন্ত্ৰণালয়ে জনাইছে যে, দুয়োখন দেশৰ মাজত সীমান্ত বাণিজ্য সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ। এই বিষয়ে ভাৰতৰ সৈতে আলোচনা চলাই নিয়াৰ বাবে তেওঁলোক আগ্ৰহী।

ভাৰত-চীন সীমান্তৰ এই তিনিটা নিৰ্দিষ্ট স্থানৰ জৰিয়তে দেশীয় পণ্যৰ বাণিজ্য হয়। মচলা, কাৰ্পেট, কাঠৰ সামগ্ৰী, গৰু-ছাগলী, খাদ্য, মাটিৰ সামগ্ৰী, ভেষজ উদ্ভিদ, বৈদ্যুতিক সামগ্ৰী আদি বিভিন্ন পণ্যৰ বাণিজ্য এই পথৰ জৰিয়তে হৈছিল। প্ৰায় তিনিদশকৰো অধিক সময় ধৰি দুয়োখন দেশৰ মাজত এই সীমান্ত বাণিজ্য চলি আহিছে। কিন্তু ২০২০ চনৰ পৰা সেয়া বন্ধ হৈ আছে। চৰকাৰী হিচাপত, ২০১৭-১৮ চনত এই পথৰ জৰিয়তে প্ৰায় ৩১ লাখ ডলাৰৰ ব্যৱসায় হৈছিল।

উল্লেখযোগ্য যে,  ১৮ আগষ্টত চীনৰ বিদেশ মন্ত্ৰী ৱাং ই-ৰ ভাৰত ভ্ৰমণৰ কথা আছে। নতুন দিল্লীত জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে তেওঁৰ বৈঠক হ’ব। তাত দুয়োখন দেশৰ সীমান্ত সম্পৰ্কীয় বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। চীনৰ বিদেশ মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ ঠিক আগতেই নতুন দিল্লীৰ পৰা সীমান্ত বাণিজ্যৰ আলোচনাৰ কথা ঘোষণা কৰা হৈছে।

আনহাতে, ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন দিল্লীৰ ওপৰত শুল্ক আৰোপ কৰিছে। উল্লেখযোগ্য যে, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ভিতৰত চীনো আছে। এই পৰিস্থিতিত চীনৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক মসৃণ কৰাৰ পদক্ষেপ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। ট্ৰাম্পৰ শুল্কযুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ শক্তিৰ কথা বুজাবলৈ শেহতীয়াকৈ ‘হাতী’ আৰু ‘ড্ৰেগন’ৰ উপমা ব্যৱহাৰ কৰা হৈছে। তেওঁৰ কথাত, “ড্ৰেগন আৰু হাতীৰ মাজত সহযোগিতামূলক সম্পৰ্ক দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ। ড্ৰেগন আৰু হাতীক একেলগে নচুৱাব লাগিব। ইজনৰ বিৰুদ্ধে সিজনৰ কথা কোৱাৰ পৰিৱৰ্তে পৰস্পৰে সহায় কৰিব লাগিব। তাতেই দুয়োখন দেশৰ লাভ। যদি এছিয়াৰ  এই দুই বৃহৎ অৰ্থনীতি একত্ৰিত হয়, তেন্তে সমগ্ৰ বিশ্বৰ বাবেই লাভ হ’ব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব?

১২ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব...

চলচ্চিত্ৰৰ পৰা ৰাজনীতিলৈ… থোৰতে থালাপতি বিজয়ৰ জীৱন পৰিক্ৰমা

১. প্ৰাৰম্ভিক জীৱন আৰু অভিনয় আৰম্ভ: চেন্নাইত এটি প্ৰখ্যাত...

ডকাইতৰ নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱটিলে নগাঁৱৰ ৰূপৰেখা ভূঞাই

ৰাজ্য জোকাৰি যোৱা নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ ভুক্তভোগী ৰূপৰেখা...

ডাঃ সুৰজিত গিৰিলৈ আন এক স্বীকৃতি

চিকিৎসা বিজ্ঞানৰ এক চিনাকি নাম ডাঃ সুৰজিত গিৰি। সৰ্প...