সৃজনাক এৰি অজান দেশলৈ গ’লগৈ বিবেক

কোনেনো নিবিচাৰে আপোনজন বিশেষতকৈও বিশেষ হওক। ভাল-বেয়া সকলো মুহূৰ্ততে প্ৰিয়জনৰ লগত থাকক। কিন্তু সৃজনা সুবেদীৰ কথা কৈ শেষ কৰিব নোৱাৰি। আপোন মানুহজনক বচাবলৈ সৰ্বস্ব উজাৰি দিছিল সৃজনাই। স্বামীক সুস্থ কৰিবলৈ একাকাৰ কৰিছিল দিন-ৰাতি।

এই কাহিনী কোনো চিনেমাৰ নহয়। এয়া নেপালৰ বিবেক-সৃজনাৰ জীয়া-কাহিনী। বিবাহপাশত আৱদ্ধ হোৱাৰ মাত্ৰ ৩টা বছৰ পিছতে সময়বোৰ যেন দুসময় হৈ আহিছিল দম্পতীটোৰক জীৱনলৈ। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল সৃজনাৰ স্বামী বিবেক পাংগেনী। তাৰ পিছৰ পৰাই কৰ্কট ৰোগত আক্ৰান্ত স্বামীক এপলকৰ বাবেও মানসিকভাৱে দুৰ্বল অনুভৱ কৰিবলৈ দিয়া নাছিল পত্নী সৃজনাই। জীৱনৰ এই জটিল যুঁজত বিবেকৰ কাষত সকলো সময়তে ছাঁটোৰ দৰে লাগি আছিল তেওঁৰ সহধৰ্মিনী।

চুলি সৰিছিল কৰ্কটৰোগী স্বামীৰ, সেইবাবেই নিজেও কটাইছিল চুলি। নিজৰ কামেৰে প্ৰমাণ কৰি গৈছিল নিজৰ ভালপোৱাৰ গভীৰতা।

জীৱনলৈ অহা প্ৰতিজাক ধুমুহাই হেলাৰঙে পাৰ কৰি গৈছিল স্বামী-স্ত্ৰীয়ে। উদযাপন কৰি গৈছিল প্ৰতিটো দিনেই। মাজে মাজে ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছিল ভিডিঅ’। তেওঁলোকক আদৰি লৈছিল লাখ লাখ লোকে। সকলোৱে প্ৰাৰ্থনা কৰিছিল সোনকালে সুস্থ হৈ উঠক বিবেক। কিন্তু এই সকলোবোৰৰ মাজতে বৃহস্পতিবাৰে আহিল সেই দুখবৰটো

সকলোকে আচৰিত কৰি কোনোদিনে উভতি নহাৰ বাটেৰে গ’লগৈ বিবেক
অথলে গ’ল স্বামীক জীয়াই তুলিবলৈ কৰা সৃজনাৰ সকলো কষ্ট। বিবেকৰ মৃত্যুৱে কন্দুৱাই গ’ল হাজাৰ হাজাৰ লোকক।

বিবেক গুচি গ’ল। কিন্তু তেওঁলোকৰ প্ৰেম কাহিনীয়ে কৈ থৈ গ’ল বহু কথাই। সঁচাই এই পৃথিৱীত আজিও আছে সঁচা ভালপোৱা। আছে কাৰোবাক বিনা স্বাৰ্থতে ভালপোৱা। এই ভালপোৱা এনেদৰেই থাকক চিৰদিন। অমৰ হৈ ৰওক বিবেক-সৃজনাৰ কাহিনী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...