অসমীয়া যুৱ বিজ্ঞানীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি

ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমি (Indian National Young Academy of Sciences) ভাৰতৰ একমাত্ৰ স্বীকৃত যুৱ বিজ্ঞান একাডেমি। ২০১৫ চনত ভাৰতীয় বিজ্ঞান একাডেমিৰ বিশেষ উদ্যোগত গঠিত হৈছিল। দেশৰ যুৱ বিজ্ঞানী সকলৰ মাজত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বয় সাধন, দেশৰ ভিন্ন প্ৰান্তত বিজ্ঞানৰ প্ৰচাৰ প্ৰসাৰ আৰু বিভিন্ন বিষয়ত কেন্দ্ৰীয় চৰকাৰ তথা নীতি নিৰ্ধাৰণ কমিটিক সহযোগ কৰা এই যুৱ বিজ্ঞান একাডেমিৰ অন্যতম দায়িত্ব। বৰ্তমান এই যুৱ বিজ্ঞান একাডেমিত ১১০ সদস্য আৰু ৯ জন ৰাষ্ট্ৰীয় ক’ৰ কমিটিৰ সদস্য আছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ পংকজ বৰাক ২০২৩-২৫ বৰ্ষৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমিৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটিৰ সদস্য ৰূপে মনোনীত হৈছে। ফেব্ৰুৱাৰী১৭-১৯ তাৰিখে দিল্লীস্থ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিত অনুস্থিত বছেৰেকীয়া সাধাৰণ সভাত ডঃ পংকজ বৰাক এই গুৰুত্বপূৰ্ণ সদস্য পদৰ বাবে মনোনীত কৰা হৈছে। তেঁও বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগত সহকাৰী অধ্যাপক তথা ডি বি টি ৰামালিঙ্গস্বামী ফেলো হিচাপে কৰ্মৰত। নৰৱে, ডেনমার্ক, বেলজিয়াম, ফ্ৰান্স, ইংলেণ্ড, ইটালী, জাৰ্মানী আদি দেশত সুখ্যাতি ৰে কাম কৰি অসমলৈ ঘূৰি অহা ডঃ পংকজ বৰা ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমিৰ ক’ৰ কমিটিৰ সদস্য ৰূপে মনোনীত হোৱা উত্তৰ পূৱ ভাৰতৰ প্ৰথম জন যুৱ বিজ্ঞানী। শেহতীয়া ভাৱে ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা (Principal scientific adviser to the Government of India) ৰ কাৰ্য্যালয়ৰ পৰা লাভ কৰ নিমন্ত্ৰণ অনুসৰি ডঃ বৰাক ভাৰতৰ যুৱ বৈজ্ঞানিক সকলকৰ ভৱিষ্যত কৰ্মপন্থা তথা নীতি নিৰ্ধাৰণ কৰিবৰ বাবে গঠন কৰা ৫ জনীয়া পেনেলৰ এজন সদস্য হিচাপেও অন্তৰ্ভুক্ত কৰিছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...