ইৰানৰ নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা। ইৰানৰ নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল। ইৰানৰ বিশিষ্ট মানৱাধিকাৰ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা লেখিকা নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা। সম্প্ৰতি ইৰানৰ কুখ্যাত ইভিন কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে নাৰ্গিছ। ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া, মানৱ অধিকাৰ ৰক্ষা কৰা আৰু সকলোৰে অধিকাৰ সুনিশ্চিত কৰাৰ বাবে নাৰ্গিছে শান্তিৰ নোবেল বঁটা লাভ কৰে। ৫১ বছৰীয়া নাৰ্গিছ ১৩ বাৰ গ্ৰেপ্তাৰ হৈছে। পাঁচবাৰ দোষী সাব্যস্ত হৈছে। এই সকলোবোৰ অপৰাধৰ বাবে মুঠ ৩১ বছৰৰ কাৰাদণ্ড বিহা হৈছে নাৰ্গিছক। আনকি শ্বৰীয়ত আইন অনুসৰি নাৰ্গিছক ১৫৪ বাৰ বেত্ৰাঘাত কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...