শিশু উদ্যানেৰে সুশোভিত হ’ব নাৰেংগীৰ হাউচিং কলনী

মহানগৰীৰ নাৰেংগী হাউচিং কলনীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় সুৰবালা বৰদলৈ শিশু উদ্যান। ফিটা কাটি উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালীনী দেৱীয়ে। অসমৰ জাতীয় সংগীতেৰে শুভাৰম্ভ কৰে অনুষ্ঠানৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা চাৰি লাখ টকাৰে পুনৰ নিৰ্মাণ কৰা হয় শিশু উদ্যান খন। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৫৮ নং ৱাৰ্ডৰ নৱ নিযুক্ত পৰিষদ পবিত্ৰ দাস, কাৰ্বি স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ দিলীপ টাৰো, শান্তা মণিকা হাউচিং কমপ্লেক্স মহিলা সমিতিৰ সভানেত্ৰী মিৰাৰাণী দত্ত, সম্পাদিকা ৰঞ্জু ৰাণী ডেকা চুবেদাৰ, শিক্ষাবিদ ড০ পূৰ্ণ ভট্টাচাৰ্য, GL পাব্লিকেশ্বনৰ মহা-প্ৰবন্ধক প্ৰণৱ তালুকদাৰ লগতে উপস্থিত থাকে ভালেমান বিশিষ্ট ব্যক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...