ভাৰতৰ সন্মুখত QUADৰ প্ৰত্যাহ্বান!

অচিন্ত্য শৰ্মা:


ৰুছ-ইউক্ৰেই যুদ্ধৰ এই জটিল সময়চোৱাত এই পৰ্যন্ত যথেষ্ট কূটনৈতিক দক্ষতাৰ পৰিচয় দিছে মোদী চৰকাৰে । যুদ্ধখনত কাৰো পক্ষ নলৈও ,যুদ্ধবিৰোধী স্থিতি লৈ পুৰণি বন্ধু ৰাছিয়াকো অসন্তুষ্ট নকৰাকৈ ৰাখিব পাৰিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে। ইয়াকে কৰিবলৈ যাওঁতে নতুন দিল্লীয়ে প্ৰতিমুহূৰ্ততে যুঁজি থাকিব লগা হৈছে মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ নিৰন্তৰ হেঁচাৰ লগত।বাইডেন প্ৰশাসনে বিচাৰি আছে এই মুহূৰ্তত ভাৰতে আক্ৰমণকাৰী দেশ ৰুছিয়াৰ স্পষ্ট বিৰোধীতা কৰাটো আৰু মস্কো মহলক তীব্ৰ গৰিহনা দিয়াটো ইয়াৰ বাবে নতুন দিল্লীৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে । পিছে নতুন দিল্লীয়ে এনে হেঁচাৰ ওপৰত এতিয়ালৈকে নতি স্বিকাৰ কৰা নাই।আনকি ৰাছিয়াক গৰিহনা দি ৰাষ্ট্ৰসংঘত উত্থাপন কৰা প্ৰাস্তাব সমূহতো ভোটদানৰ পৰা বিৰত আছে ভাৰত ।এনে পৰিস্থিতিৰ মাজতে এইবাৰ আগবাঢ়ি আহিছে কুৱাদ সন্মিলন । অহা ২৪ মে’ত জাপানৰ ৰাজধানী চহৰ টোকিঅ’ত অনুষ্ঠিত হ’ব চাৰিদেশীয় কুৱাদ সন্মিলন ,য’ত অংশ ল’ব ভাৰত ,জাপান ,অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ প্ৰতিনিধিয়ে। এই কুৱাদ সন্মিলনকে আকৌ এবাৰ ভাৰতৰ ওপৰত হেঁচা দিব। এনে অৱস্থাত সন্মিলনখনত ভাৰতৰ ৰুছিয়াকেন্দ্ৰিক স্থিতি হ’ব লক্ষ্যনীয়।কুৱাদৰ বাকী দুই সদস্য ৰাষ্ট্ৰ জাপান আৰু অষ্ট্ৰেলিয়া স্পষ্টভাবে মাৰ্কিন শিবিৰৰ দেশ। সেয়ে কুৱাদ সন্মিলনত আমেৰিকাই কিবা প্ৰস্তাব উত্থাপন কৰিলে সেই প্ৰস্তাবে জাপান আৰু অষ্ট্ৰেলিয়াৰ প্ৰত্যক্ষ সমৰ্থন লাভ কৰাটো নিশ্চিত এনে অৱস্থাত ৰুছিয়াৰ প্ৰসংগত কুৱাদৰ মঞ্চত ভাৰত অকলশৰীয়া হৈ পৰাটোও প্ৰায় নিশ্চিত । সেইবাবেই মন্মিলন হ’ব এইবাৰ ভাৰতৰ কূটনৈতিক অনুশীলনৰ অগ্নিপৰীক্ষা।

এফালে সমাগত এই কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ বা কুৱাদ সন্মিলনকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বেইজিং মহলে। ঝি জিংপিং চৰকাৰে টকিঅ’ কুৱাদ সন্মিলনক অভিহিত কৰিছে অঞ্চলটোৰ দেশসমূহৰ মাজৰ বিশ্বাস আৰু সহযোগিতা ধ্বংসকাৰী বুলি। লক্ষনীয়ভাবে চতুৰ্দেশীয় কুৱাদ গঠনেই কৰা হৈছে সম্প্ৰাসাৰণবাদী চীনৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে । সেয়ে কুৱাদকলৈ প্ৰথমৰে পৰা চীনৰ প্ৰভাৱ যথেষ্ট বিৰূপ। এইবাৰ আকৌ এই কুৱাদৰেই সন্মিলন হ’বলৈ লৈছে চিৰশত্ৰু জাপানৰ ৰাজধানী চহৰ টোকিঅ’ত । স্বাভাবিকতেই এইবাৰৰ কুৱাদ সন্মিলনক লৈ চীনৰ প্ৰতিক্ৰিয়াও হৈছে অধিক কঠোৰ আৰু তীক্ষ্ণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...