তাচপাতৰ দৰে খহি পৰিল অট্টালিকা, ভয়াৱহ ভূমিকম্পত মুহূৰ্ততে শেষ সকলো

মুহূৰ্ততে শেষ সকলো। খহি পৰিল ইটোৰ পিছত সিটোকৈ সুবিশাল অট্টালিকাৰ। অনাকাংক্ষিত ঘটনাৰ পিছতে লাগিছে হাহাকাৰ।

ম্যানমাৰত ভূমিকম্পৰ ধ্বংসলীলা। পুৱাই দেশখনক জোকাৰি গ’ল বিধ্বংসী ভূমিকম্পই।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৭। ম্যানমাৰৰ ছাগাইং চহৰৰ ১৬ৰ পৰা ১৮ কিঃমিঃ ভিতৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ।

ম্যানমাৰত কেইবাটাও অট্টালিকাৰ লগতে ধ্বংস হয় বহু দলং। কেইবা দশকৰ পিছত ম্যানমাৰত এনে বৃহৎ ভূমিকম্প।

ম্যানমাৰৰ সমান্তৰালকৈ থাইলেণ্ডৰ বহু অঞ্চলতো ধ্বংসলীলা ভূমিকম্পৰ। থাইলেণ্ডৰ উত্তৰাঞ্চলত ভূমিকম্পৰ বিপৰ্যয়।

বেংককৰ বহু অট্টালিকা কঁপি উঠিল এই প্ৰাকৃতিক দুৰ্যোগত। কেইবাটাও সুউচ্চ অট্টালিকা ধ্বংস্তূপত পৰিণত। প্ৰাণৰ মমতাত বহু লোকৰ মুকলি স্থানলৈ দৌৰ দিলে জনতাই।

ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে কেতবোৰ ভয়ংকৰ দৃশ্য। চীনৰ য়ুনান প্ৰদেশতো ভয়ংকৰ কম্পন। য়ুনানত ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখ্টাৰ স্কেলত ৭.৯। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো অনুভূত ভূমিকম্প। অসমত পুৱা ১১.৫০ বজাত অনুভূত হয় ভূমিকম্প।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...