সুৰাৰ ৰাগীত ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক

সুৰাই মানুহক কি পৰ্যায়লৈ লৈ যাব পাৰে এবাৰ ভাবক, এইবাৰ সুৰাৰ ৰাগীত ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক। মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। মৃত লোকজন মঠঘৰীয়া নিবাসী উদয় ৰায় চৌধুৰী। উদয় ৰায় চৌধুৰী আৰু ৰাজা বসুমতাৰীয়ে একেলগে কৰিছিল মদ্যপান। মদ্যপানৰ সময়তে কথাৰ কটাকটি লাগিছিল দুয়োৰে। সুৰাৰ ৰাগীত ৰাজা বসুমতাৰীয়ে বাটামেৰে আক্ৰমণ কৰে উদয় ৰায়ক। ফলত গুৰুতৰভাৱে আহত হয় উদয় ৰায় চৌধুৰী ।অৱশেষত চিকিত্সালয়ত মৃত ঘোষণা উদয় ৰায় চৌধুৰীক। অভিযুক্ত ৰাজা বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...