নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত আই পি এলৰ এখন হাইভ’ল্টেজ মেচত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ’ব৷ দূয়োটা দলে ঘৰুৱা মেচত আকৰ্ষণীয় জয়ৰে ছিজনৰ চমকপ্ৰদ অভিযান আৰম্ভ কৰিছে৷ আৰ আৰ দলে গুৱাহাটীৰ প্ৰথম খেলত চি এছ কেক বিধ্বস্ত কৰাৰ বিপৰীতে এম আই দলে ৱাংখেড়েত কে কে আৰক দিশহাৰা কৰাইছিল৷ আজি নিশা মুম্বাই তথা কাইলৈ দুপৰীয়া আৰ আৰ গুৱাহাটীত উপস্থিত হ’ব৷

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব হিটমেন ৰোহিত শৰ্মাৰ নেতৃত্বত ইতিমধ্যে পাঁচবাৰ আই পি এলৰ খিতাপ জয় কৰা নীতা আম্বানীৰ দল মুম্বাই ইণ্ডিয়ানছে৷ অধিনায়ক সূৰ্যকুমাৰ যাদবসহ সদ্য সমাপ্ত টি-২০ বিশ্বকাপৰ চেম্পিয়ন টীম ইণ্ডিয়াৰ চাৰিগৰাকী ক্ৰিকেটাৰ মুম্বাই ইণ্ডিয়ানছৰ সদস্য৷ বৰ্তমান এম আই দলক নেতৃত্ব দিয়া হাৰ্দিক পাণ্ডিয়া লগতে যশপ্ৰীত বুমৰাহ আৰু তিলক বাৰ্মা৷ আনহাতে, তাৰকাৰে ভৰপুৰ দলৰ মুম্বাই দলৰ মেণ্টৰ ক্ৰিকেট ভগৱান ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ৷ সেয়ে এম আই দলৰ আগমণক লৈ ইতিমধ্যে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ মাজত অপাৰ আনন্দ বিৰাজ কৰিছে৷ গুৱাহাটীৰ বতৰো ফৰকাল হোৱাত এখন ৰোমাঞ্চকৰ মেচৰ আশাত উৎকণ্ঠিত দৰ্শক৷

ইফালে, গুৱাহাটীৰ অভিষেক মেচতে বিস্ফোৰক বেটিং কৰা ভাৰতীয় ক্ৰিকেটৰ ধ্ৰুবতৰা আৰ আৰৰ অপেনাৰ বৈভৱ সূৰ্যবংশীৰ হৃদয় স্পৰ্শী আৰু এটা বিস্ময়কাৰী শ্ব এ চি এ ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে অধিৰ অপেক্ষাত আছে ক্ৰিকেটপ্ৰেমী৷ মুম্বাইৰ বুমৰাহ, ট্ৰেণ্ট ব’ল্ট, হাৰ্দিক, মিচেল ছাণ্টনাৰৰ দৰে বিশ্ব ক্ৰিকেটৰ অভিজ্ঞ তাৰকাৰ বিৰুদ্ধে ১৫ বছৰত ভৰি দিয়া বিস্ময় বালক সূৰ্যবংশীয়ে কি বৈভৱ পৰিস্ফুত কৰে সেয়াই উপভোগ কৰিবলৈ সাত এপ্ৰিলত বৰ্ষাপাৰালৈ যাব ৩৫ হেজাৰ দৰ্শক৷ তদুপৰি প্ৰথম মেচতে ৰোহিতে যি চমকপ্ৰদ বেটিং কৰিছে স্বাভাৱিকতে অনুৰাগীয়ে নিজৰ প্ৰিয় তাৰকাৰ যাদুৰ ৰোমাঞ্চ লোৱাৰ বাবে ইতিমধ্যে টিকট ক্ৰয় কৰিছে৷ গুৱাহাটীত ৰোহিতে পূৰ্বেই গগণচুম্বী ছিক্সাৰৰে বৃহৎ শতক অৰ্জন কৰিছিল৷

আচলতে, সাত এপ্ৰিলত বৰ্ষাপাৰাত ৪০ অভাৰৰ উত্তেজনাপূৰ্ণ মনোৰঞ্জন শ্ব’ত বিশ্ব ক্ৰিকেটৰ যিসকল মহাতাৰকাই পদাৰ্পন কৰিব সেয়া গুৱাহাটীত পূৰ্বে হোৱা নাই৷ অসম সন্তান ৰিয়ান পৰাগে নেতৃত্ব দিয়া তথা গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰৰূপে লোৱা আৰ আৰ দলৰ যশশ্ৰী জয়ছোৱাল, হেটমিয়াৰ, ৰবীন্দ্ৰ জাডেজা, জোফ্ৰা আৰ্চাৰৰ অনন্য ফৰ্মত আছে৷ বিপৰীতে, মুম্বাইৰ ডি-ক’ক, শ্বাৰ্দুল, দীপক চাহাৰৰ ধাৰাবাহিক প্ৰদৰ্শনে সাত এপ্ৰিলত হাইভ’ল্টেজ মেচলৈ ৰূপান্তৰ কৰিব সেই দিশত ক্ৰিকেটপ্ৰেমী এশ শতাংশ নিশ্চিত৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...