অপেক্ষাৰ অন্ত, বিশ্ববিখ্যাত মোগল গাৰ্ডেন মুকলিৰ দিন সমাগত

দেশ আৰু বিদেশৰ পৰ্যটক আৰু প্ৰকৃতি আৰু ফুল ভাল পোৱা লোকসকলৰ বাবে ভাল খবৰ। ৰাষ্ট্ৰপতি ভৱনৰ ঐতিহাসিক আৰু বিশাল মোগল গাৰ্ডেন মুকলিৰ দিন সমাগত। ৰং-বিৰঙী গোলাপ আৰু অপৰূপ টিউলিপ বাগিচাৰ বাবে বিখ্যাত বাগিচাখন ১২ ফেব্ৰুৱাৰীৰ পৰা মুকলি হ’ব। সাধাৰণতে প্ৰতি বছৰে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা দৰ্শকৰ বাবে মুকলি কৰা হয় আৰু এমাহৰো অধিক সময়ৰ বাবে দৰ্শকে ইয়াক দৰ্শন কৰিব পাৰিছিল। কিন্তু এই বছৰ ক’ভিডকালীন পৰিস্থিতিৰ বাবে এসপ্তাহ পলমকৈ মুকলি কৰা হ’ব। অৱশ্যে যোৱা বছৰো কভিড সংক্ৰমণৰ বাবে ১৩ ফেব্ৰুৱাৰীৰ পৰাহে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হৈছিল আৰু ২১ মাৰ্চলৈকে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিছিল।
যোৱা বছৰৰ দৰে, এই বছৰো ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ অধিক বয়সৰ বৃদ্ধসকলক মোগল গাৰ্ডেনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। একে সময়তে, মোগল গাৰ্ডেনত প্ৰৱেশ কৰা সকলে চৰকাৰৰ কভিড বিধি মানি চলিব লাগিব। লগতে শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈ কেৱল নিৰ্দিষ্ট কিছু লোকেহে এটা সময়ত প্ৰৱেশ লাভ কৰিব।
কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, মোগল গাৰ্ডেনত প্ৰৱেশৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন ৰখা হৈছে। মানুহে প্ৰৱেশৰ এসপ্তাহ পূৰ্বে https://rb.nic.in/rbvisit/rb-visit_booking_status_mughal.aspxত ক্লিক কৰি বুকিং কৰিব লাগিব।
মোগল গাৰ্ডেনত সাধাৰণ দৰ্শকসকলক কেৱল ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নম্বৰৰ গেটৰ পৰাহে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব। ৰাষ্ট্ৰপতি ভৱনৰ ই নৰ্থ এভিনিউ ৰোডৰ ফালে আছে এই গেটখন।
ৰাষ্ট্ৰপতি ভৱনৰ মোগল বাগিচা ভ্ৰমণ সম্পূৰ্ণ বিনামূলীয়া। বাগিচাখন দৰ্শন বা চাবৰ বাবে কোনো ধন পৰিশোধ কৰিব নালাগে।
প্ৰায় ১৫ একৰ ভূমিত বিস্তৃত মোগল গাৰ্ডেনত ১৩৫ প্ৰকাৰৰ হাজাৰ হাজাৰজোপা গোলাপ আছে। একেদৰে, ৩ হাজাৰ ৰেনিনকুলাছ, প্ৰায় ১০ হাজাৰ টিউলিপ ফুল ৮টা ভাগত আছে। একেদৰে ৭০ প্ৰকাৰৰ বতৰৰ ফুল বা ছিজন ফুল পোৱা যায়। আনহাতে, ভেষজ বাগিচাত ৩৩বিধ বিবিধ উদ্ভিদ আছে। ইয়াত ৫০ প্ৰকাৰৰ ৩০০ বনচাইও পোৱা যায়।
মূলতঃ মোগল গাৰ্ডেনত ১২খন বিভিন্ন প্ৰকাৰৰ বাগিচা আছে। ইয়াত ৰোজ গাৰ্ডেন, বায়ো ডাইভাৰ্চিটী পাৰ্ক, মিউজিকেল ফাউণ্টেইন, ভেষজ বাগিচা, বাটাৰফ্লাই, চানিকান গাৰ্ডেন, কেকটাছ গাৰ্ডেন, নিউট্ৰিচন গাৰ্ডেন আৰু বায়ো ফুৱেল পাৰ্ক আছে। প্ৰতি বছৰে মোগল গাৰ্ডেন মুকলিৰ লগে লগে হাজাৰ হাজাৰ লোকে উদ্যানখন দৰ্শনৰ বাবে ঢপলিয়াই যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...