আপোনাৰ বাইক-স্কুটী আছে নেকি, তেন্তে জানিবই লাগিব এই খবৰ!

দেশৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। সেই অনুসৰি এতিয়া ৪ বছৰৰ তলৰ শিশুসকলৰ বাবেও হেলমেট পৰিধান বাধ্যতামূলক। দুচকীয়া বাহন চলোৱাৰ সময়ত সকলোৱে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে। সহজ ভাষাত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ৪ বছৰৰ তলৰ শিশুৰ বাবে দুচকীয়া বাহন এখনত সুৰক্ষা হাৰ্নেছ পিন্ধাটো বাধ্যতামূলক কৰিছে আৰু এনে বাইক বা স্কুটীৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০ কিঃমিঃলৈ সীমিত কৰিছে। এই নিয়ম ২০২৩ৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। মন কৰিবলগীয়া কথা যে, MoRTH-এ ২০২১ৰ অক্টোবৰত কেন্দ্ৰীয় মটৰ বাহন আইন চমুকৈ CMVRত এই পৰিৱৰ্তনবোৰ অন্তৰ্ভুক্ত কৰাৰ বাবে এখন খচৰা অধিসূচনা জাৰি কৰিছিল।
জাননীখনে দুচকীয়া বাহনত আৰোহীসকলৰ ক্ষেত্ৰত শিশুৰ বাবে ছেফটী হাৰ্নেছ নিশ্চিত কৰাটো বাধ্যতামূলক কৰিছে। দুচকীয়া বাহনৰ পিছৰ আসনত বহি যাওঁতে পৰি যোৱাটো প্ৰতিহত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে শিশুৰ সুৰক্ষা অধিক নিশ্চিত কৰাৰ বাবে দীৰ্ঘদিনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। শেহতীয়া নিয়মাৱলীয়ে ভাৰতক বয়স নিৰ্দিষ্ট সুৰক্ষা ব্যৱস্থা থকা বিশ্বৰ কেইখনমান দেশৰ ভিতৰত নিজৰ নাম অংকিত কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে। উল্লেখ্য যে, প্ৰতি বছৰে পথ দুৰ্ঘটনাত বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ বাবে সময়ে সময়ে সজাগতা অভিযান চলাই আহিছে চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...