ম্যানমাৰত জ্বলাই দিয়া হ’ল ৩০জনকৈ লোকক

ম্যানমাৰৰ সংঘৰ্ষ জৰ্জৰিত কায়া প্ৰদেশত শুকুৰবাৰে ৩০ জন লোকক হত্যা কৰি জ্বলাই দিয়া হয়। কাৰেন্নি মানৱাধিকাৰ গোটে প্ৰকাশ কৰা মতে কায়া প্ৰদেশৰ মোচো গাঁৱত ৩০টাকৈ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ ভিতৰত শিশু আৰু মহিলাৰো কেইবাটাও মৃতদেহ পোৱা গৈছে। এই ঘটনাক গৰিহণা দি মানৱাধিকাৰ গোটটোৱে শীঘ্ৰেই ইয়াৰ তদন্ত দাবী কৰিছে। উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰীত এক সামৰিক অভ্যুত্থানৰ জৰিয়তে ম্যানমাৰৰ সেনা বাহিনীয়ে আন ছান ছ্যু কীক ক্ষমতাচ্যুত কৰাৰ পিছৰে পৰা দেশখনত অ‍ব্যাহত আছে হিংসাত্মক ঘটনা। ইতিমধ্যে ছ্যু কীৰ লগতে ম্যানমাৰৰ ৰাষ্ট্ৰপতিকো কাৰাবন্দী কৰি ৰাখিছে ম্যানমাৰৰ সামৰিক জুণ্টাই। লোককেইজনৰ হত্যাত সামৰিক বাহিনী জৰিত থকা বুলিও বিভিন্ন মানৱাধিকাৰ গোটে অভিযোগ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...