কোন হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে আন কোনোবা?

উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেশত নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে। কোনে দেশক নেতৃত্ব দিব, ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব তাক লৈ পুনৰ এবাৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। শেহতীয়াভাবে ইণ্ডিয়া টুডে-চি ভোটাৰে এন সমীক্ষা চলাইছিল। সেই সমীক্ষাৰ ভিত্তিত প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি দেশৰ ৫৯ শতাংশ লোক মোদী চৰকাৰৰ কাম-কাজক লৈ সন্তুষ্ট। আনহাতে ২৬ শতাংশ লোকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মোদীৰাজত। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৬৩ শতাংশ লোকে ভাল মানুহ হিচাপে গণ্য কৰে। তাৰ বিপৰীতে ২১ শতাংশ লোকে অপচন্দ কৰে মোদীক আৰু ১৫ শতাংশ লোক মোদীক ভাল-বেয়াৰ মাজত ৰাখিছে। ইফালে, পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে ৫২.৫ শতাংশ লোকে পুনৰবাৰ বিচাৰে নৰেন্দ্ৰ মোদীক। মাত্ৰ ৬.৮ শতাংশ লোকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক বিচাৰে প্ৰধানমন্ত্ৰী ৰূপে।

৫.৭ শতাংশ লোকে যোগী আদিত্যনাথক প্ৰধানমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে ৩.৫ শতাংশ লোকে অমিত শ্বাহ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে। প্ৰিয়ংকা গান্ধীক ৩.৩ শতাংশ লোকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে বিবেচনা কৰে। ইণ্ডিয়া টুডে-চি ভোটাৰৰ সমীক্ষামতে নৰেন্দ্ৰ মোদীৰ পিছত বিকল্প ৰূপে সৰ্বাধিক লোকে বিচাৰে অমিত শ্বাহক। ২৪ শতাংশ লোকে বিজেপিৰ পৰৱৰ্তী দাবীদাৰ ৰূপে প্ৰকাশ কৰিছে। আনহাতে, ২৩ শতাংশ লোকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মোদীৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰিব বিচাৰে। ইফালে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক ১১ শতাংশ লোকে পচন্দ কৰে।

মন কৰিবলগীয়া যে, দেশৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰূপে বিবেচিত হৈছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। ৭১ শতাংশ লোকে ৰাজ্যখনৰ কাম-কাজক লৈ সন্তুষ্ট। দ্বিতীয় স্থানত আছে মমতা বেনাৰ্জী। ৬৯.৯ শতাংশৰে জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৬৭.৫ শতাংশৰে তৃতীয় স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিম। ইফালে বিজেপিশাসিত ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় ৰূপে বিবেচিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমীক্ষামতে অসমৰ ৫৬.৬ শতাংশ লোকে হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক লৈ সন্তুষ্টি ব্যক্ত কৰে। তালিকাৰ সৰ্বনিম্ন স্থানত আছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত।
অৱশ্যে এই সকলোবোৰৰ মাজত বিভিন্ন বিষয়ক লৈ বিৰোধীৰ চোকা সমালোচনাৰ সন্মুখীন হৈ আহিছে বিজেপি চৰকাৰ। কিষান আন্দোলন, নিবনুৱা সমস্যা আৰু সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি বিজেপি চৰকাৰৰ অন্যতম বিফলতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...