উত্তৰ-পূব ভাৰত সন্দৰ্ভত পুনৰ মন্তব্য মুহাম্মদ ইউনুছৰ

উত্তৰ-পূব ভাৰতক টানি আকৌ এবাৰ মন্তব্য কৰিছে বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মুহাম্মদ ইউনুছে। তেওঁৰ মতে, বাংলাদেশ, নেপাল, ভূটান আৰু ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যক লৈ এক সংযুক্ত অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰয়োজন। ইতিপূৰ্বেও ইউনুছৰ উত্তৰ-পূব ভাৰতৰ বিষয়ে কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছিল। এইবাৰ পুনৰ উত্তৰ-পূব ভাৰত, নেপাল, ভূটান আৰু বাংলাদেশৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, এই অঞ্চলবোৰে পৃথকে পৃথকে কাম কৰাৰ পৰিৱৰ্তে একেলগে কাম কৰিলে বেছি লাভৱান হ’ব।

বাংলাদেশ ভ্ৰমণত গৈছিল নেপালৰ সংসদৰ উপাধ্যক্ষ ইন্দিৰা ৰাণা। সোমবাৰে তেওঁ বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টাৰ সৈতে এক বৈঠকত মিলিত হয়। বাংলাদেশৰ চৰকাৰী বাতৰি সংস্থা ‘বাসস’ৰ মতে, সেই আলোচনাত ইউনুছৰ মন্তব্য আছিল, “বাংলাদেশ, নেপাল, ভূটান আৰু ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ বাবে এক সংযুক্ত অৰ্থনৈতিক পৰিকল্পনা থাকিব লাগে। পৃথকে নহয়, একেলগে কাম কৰিলে আমি বেছি লাভৱান হ’ব পাৰোঁ।” উল্লেখ্য যে, মাৰ্চত চীন ভ্ৰমণৰ সময়তো তেওঁ নিজৰ দেশত বিনিয়োগৰ আকৰ্ষণৰ বাবে উত্তৰ-পূব ভাৰতৰ প্ৰসংগ উত্থাপন কৰিছিল।

সেই সময়ত বাংলাদেশত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ বাবে চীনক অনুৰোধ জনাই তেওঁ কৈছিল যে, “বঙ্গোপসাগৰৰ একমাত্ৰ প্ৰহৰী হৈছে বাংলাদেশ।” চীন আৰু বাংলাদেশৰ কাষৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ ভৌগোলিক অৱস্থান ব্যাখ্যা কৰি তেওঁ কৈছিল, “ভাৰতৰ পূবৰ সাতখন ৰাজ্যক ‘সাত ভনী’ বুলি কোৱা হয়। এই ৰাজ্যসমূহ স্থলভাগেৰে আৱৰি থকা, সমুদ্ৰত উপনীত হ’বলৈ এইবোৰৰ কোনো পথ নাই।” এই ভৌগোলিক অৱস্থানৰ বাবে বঙ্গোপসাগৰত অৰ্থনৈতিক কাৰ্যকলাপ সম্প্ৰসাৰণৰ যি ‘ডাঙৰ সুযোগ’ চীনে পাব, তাক তেওঁ স্পষ্ট কৰিছিল।

নিজৰ দেশত চীনা বিনিয়োগ আনিবলৈ ইউনুছে ভাৰতৰ প্ৰসংগ কিয় তুলি আনিলে, তাক লৈ সেই সময়ত প্ৰশ্ন উত্থাপিত হৈছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছিল, “মহম্মদ ইউনুছৰ এনে উদ্দীপক মন্তব্যক লঘুকৈ লোৱা হোৱা নাই।” ঘটনাচক্ৰত, ইউনুছৰ এই মন্তব্যৰ পিছতেই থাইলেণ্ডৰ ৰাজধানী বেংককত বিমস্টেক শীৰ্ষ সন্মিলনৰ এক পাৰ্শ্বিক বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইউনুছৰ সাক্ষাৎ হয়। পিছত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে জনোৱা মতে, সেই বৈঠকত প্ৰধানমন্ত্ৰীয়ে ঢাকাক ‘বাক্যসংযম’ৰ পৰামৰ্শ দিছিল। ইউনুছক তেওঁ জনাইছিল যে, ‘পৰিৱেশ কলুষিত কৰিব পৰা কথা’ পৰিহাৰ কৰা উচিত। তথাপি, নেপাল, ভূটান আৰু উত্তৰ-পূব ভাৰতক লৈ বাংলাদেশৰ সংযুক্ত অৰ্থনৈতিক পৰিকল্পনাৰ মন্তব্যৰ পিছত ভাৰতৰ তৰফৰ পৰা এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ পোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...