পাকিস্তানৰ পতাকা বিক্ৰী কৰা অনলাইন শ্বপিং প্লেটফৰ্মলৈ জাননী কেন্দ্ৰৰ

পাকিস্তানী পতাকা আৰু ইয়াৰ সৈতে জড়িত সামগ্ৰী অনলাইন মাধ্যমত বিক্ৰী হোৱাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে এইবাৰ কঠোৰ বাৰ্তা প্ৰদান কৰিছে। Amazon, ফ্লিপকাৰ্টকে ধৰি চাৰিটা অনলাইন শ্বপিং প্লেটফৰ্মক Central Consumer Protection Authority (CCPA)য়ে জাননী প্ৰেৰণ কৰিছে। বুধবাৰে নিশা কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সামাজিক মাধ্যমত এই কথা জনায়। তেওঁ জনোৱা মতে, এনে সংবেদনশীলতাহীন কাৰ্যকলাপ কোনোপধ্যেই সহ্য কৰা নহ’ব। অনলাইন বজাৰ সংস্থাসমূহক তৎক্ষণাত নিজৰ প্লেটফৰ্মৰ পৰা এনে সামগ্ৰীৰ বিষয়বস্তু আঁতৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দেশৰ আইন মানি চলিবলৈও সংস্থাসমূহক কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

পেহেলগাম ঘটনাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক আগতকৈও বেয়াৰ ফালে ঢাল খাইছে। সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতীয় সামৰিক বাহিনীয়ে ‘অপাৰেশ্যন সিন্দূৰ’ আৰম্ভ কৰে। এই সন্ত্ৰাস দমন অভিযানত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী ঘাটি ভাৰতে ধ্বংস কৰি দিয়ে। নতুন দিল্লীয়ে জনোৱা মতে, নিৰ্দিষ্টভাৱে সন্ত্ৰাসবাদী ঘাটিসমূহ চিনাক্ত কৰি আক্ৰমণ কৰা হৈছিল। পাকিস্তানৰ কোনো সামৰিক ঘাটিত আক্ৰমণ কৰা হোৱা নাছিল বুলি ভাৰতে জনাইছিল। কিন্তু তাৰ পিছতো পাকিস্তানী সেনাই ভাৰতৰ ওপৰত আক্ৰমণ কৰে। ভাৰতেও প্ৰত্যাঘাত কৰে। চাৰি দিন ধৰি ভাৰত-পাকিস্তানৰ মাজত সামৰিক অস্থিৰতা চলাৰ পিছত শেষত যোৱা শনিবাৰে বিয়লি দুয়োখন দেশ যুদ্ধবিৰতিত সন্মত হয়।

যুদ্ধবিৰতিত সন্মত হ’লেও দুয়োখন দেশৰ মাজত উত্তেজনাৰ পৰিৱেশ এতিয়াও বিৰাজমান। বুধবাৰে যুদ্ধবিৰতিৰ পিছৰ পৰিস্থিতিৰ বিষয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক (চিডিএছ) জেনেৰেল অনিল চৌহানে বৈঠকত মিলিত হয়। বৈঠকত তিনিওটা বাহিনীৰ প্ৰধানো উপস্থিত আছিল। বাতৰি সংস্থা পিটিআইৰ সূত্ৰ মতে, তেওঁলোকে ৰাষ্ট্ৰপতিক ‘অপাৰেশ্যন সিন্দূৰ’ আৰু তাৰ পিছৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। সোমবাৰে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে। তেওঁ জনোৱা মতে, ভাৰতে সন্ত্ৰাসবাদীৰ ভাবুকি সহ্য নকৰে। পাকিস্তানে যদি নিজকে বচাব বিচাৰে, তেওঁলোকে সন্ত্ৰাসবাদৰ পৰিকাঠামো নিৰ্মূল কৰিব লাগিব। তেওঁ স্পষ্ট কৰি দিছে যে, ‘টেৰৰ’ আৰু ‘টক’ (সন্ত্ৰাস আৰু আলোচনা) একেলগে চলিব নোৱাৰে, পানী আৰু তেজ একেলগে বৈ থাকিব নোৱাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...