৩৭০ অনুচ্ছেদ সম্পৰ্কত মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যত মোদীৰ প্ৰতিক্ৰিয়া

জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৰা মন্তব্যক উভতি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খাৰ্গেৰ মন্তব্যত লজ্জিত বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে বিহাৰৰ নাৱাদাত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি কয় যে কংগ্ৰেছ নেতা খাৰ্গেই জম্মু-কাশ্মীৰক ভাৰতৰ অংগ ৰূপে বিবেচনা নকৰে। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাটো আছিল মোদীৰ গেৰাণ্টি। প্ৰধানমন্ত্ৰী মোদীয়ে এই কাম কৰি দেখুৱালে বুলি উল্লেখ কৰে তেওঁ। ভাষন প্ৰসংগত মোদীয়ে লগতে কয় যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই বাবাচাহেব আম্বেদকাৰৰ সংবিধান ৰক্ষাৰ কথা কৈ আহিছে যদিও জম্মু-কাশ্মীৰত এয়াক কাৰ্যকৰী নকৰিলে। বিজেপি চৰকাৰে সুদীৰ্ঘ দিনৰ মূৰত আম্বেদকাৰৰ সংবিধানক জম্মু-কাশ্মীৰলৈ লৈ যোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে অলপতে ৰাজস্থানত এক নিৰ্বাচনী সভাত কংগ্ৰেছ সভাপতি খাৰ্গেই ৩৭০ অনুচ্ছেদৰ প্ৰসংগ আন ৰাজ্যত অপ্ৰাসংগিক বুলি মন্তব্য কৰিছিল । কংগ্ৰেছ নেতা খাৰ্গেৰ এনে মানসিকতাত লজ্জিত হোৱা বুলি মন্তব্য কৰি মোদীয়ে কয় যে জম্মু-কাশ্মীৰকো বিজেপি চৰকাৰে দেশৰ এক গুৰুত্বপূৰ্ণ অংশৰূপ বিবেচনা কৰে। কংগ্ৰেছ নেতা খাৰ্গেৰ এনে মন্তব্যৰ আত ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক ঘৃণা আৰু দেশ বিৰোধী শক্তিৰ ঘাটি বুলি উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...