ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে এই দুই ৰাষ্ট্ৰনেতাৰ ফোনালাপৰ কথা জনাইছে। তেওঁৰ মতে, “মোদী আৰু ট্ৰাম্পৰ মাজত ৩৫ মিনিট ধৰি ফোনত কথা হৈছে।” তেওঁ আৰু জনাইছে যে, মোদীয়ে ট্ৰাম্পক ‘অপাৰেশ্যন সিন্দূৰ’ৰ বিষয়ে বিশদভাৱে জনাইছে। ইয়াৰ উপৰিও, ভাৰত-পাকিস্তানৰ মাজত সংঘৰ্ষবিৰতি কাৰো মধ্যস্থতাত হোৱা নাই বুলি মোদীয়ে ট্ৰাম্পক জনাইছে। বাণিজ্যৰ প্ৰসংগও এই কথা-বতৰাত উত্থাপন হোৱা নাই। ঘটনাক্ৰমে, বুধবাৰে হোৱাইট হাউচত ট্ৰাম্পৰ সৈতে পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰৰ সাক্ষাৎ হোৱাৰ কথা। তাৰ আগতেই মোদী আৰু ট্ৰাম্পৰ মাজত এই কথা-বতৰা হৈছে। আলোচনাত ভাৰত-পাকিস্তানৰ সংঘৰ্ষ, সংঘৰ্ষবিৰতি আৰু সন্ত্ৰাসবাদৰ বিষয় উত্থাপিত হৈছে।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছত প্ৰথমবাৰৰ বাবে মোদী আৰু ট্ৰাম্পৰ মাজত প্ৰত্যক্ষ কথা-বতৰা হৈছে। বিক্ৰম মিশ্ৰীয়ে জনাইছে যে, মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সংকল্পৰ কথা জনাইছে। তেওঁ ট্ৰাম্পক এইয়াও জনাইছে যে, পাকিস্তানৰ ‘গুলী’ৰ উত্তৰ ভাৰতে ‘গোলা’ৰে দিব। লগতে, বিগত ৯ মে’ত মোদী আৰু মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ মাজত ফোনত কথা হোৱাৰ বিষয়টোও ট্ৰাম্পক জনোৱা হৈছে।

মিশ্ৰীয়ে জনাইছে যে, ভাৰতৰ ওপৰত পাকিস্তানে ডাঙৰ আক্ৰমণ কৰিব পাৰে বুলি ভান্সে মোদীক জনাইছিল। তাৰ উত্তৰত মোদীয়ে ভান্সক জনাইছিল যে, যদি এনে কোনো ঘটনা ঘটে, তেন্তে ভাৰতে তাতকৈ ডাঙৰ প্ৰত্যাঘাত কৰিব। মোদী-ট্ৰাম্পৰ ফোনালাপত এই বিষয়টোও উত্থাপিত হৈছে। মোদীয়ে ট্ৰাম্পক কৈছে, “ভাৰতে পাকিস্তানৰ আক্ৰমণৰ যথাযথ জবাব দিছে। তেওঁলোকৰ সেনাছাউনি ধ্বংস কৰিছে। ভাৰতৰ প্ৰত্যাঘাতৰ পিছতেই পাকিস্তানৰ তৰফৰ পৰা সংঘৰ্ষবিৰতিৰ প্ৰস্তাৱ আহিছে।”

মোদীয়ে ট্ৰাম্পক জনাইছে যে, ভাৰত-পাকিস্তানৰ মাজত সংঘৰ্ষ আৰু তাৰ পিছত সংঘৰ্ষবিৰতিৰ গোটেই ঘটনাক্ৰমত কোনো পৰিস্থিতিতে ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি বা আমেৰিকাৰ মধ্যস্থতাৰ বিষয়ে আলোচনা হোৱা নাই। ভাৰত-পাকিস্তানৰ মাজত সংঘৰ্ষবিৰতিৰ বিষয়ে দুই দেশৰ সেনাৰ স্তৰত প্ৰত্যক্ষভাৱে কথা-বতৰা হৈছে। মোদীয়ে জোৰ দি জনাইছে যে, ভাৰতে কেতিয়াও মধ্যস্থতাৰ বিষয়টো গ্ৰহণ কৰা নাই, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰে। ইয়াৰ উপৰিও, এই বিষয়ত ভাৰতত সম্পূৰ্ণ ৰাজনৈতিক সমন্বয় আছে বুলিও মোদীয়ে ট্ৰাম্পক জনাইছে।

মিশ্ৰীয়ে জনাইছে যে, ট্ৰাম্পে মোদীৰ কথা ভালদৰে বুজিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ পদক্ষেপক সমৰ্থন জনাইছে। মোদীয়ে ট্ৰাম্পক এইয়াও জনাইছে যে, ভাৰতে সন্ত্ৰাসবাদক ‘যুদ্ধ’ হিচাপে বিবেচনা কৰে। লগতে জনাইছে যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ‘অপাৰেশ্যন সিন্দূৰ’ এতিয়াও জাৰি আছে।

দুই ৰাষ্ট্ৰনেতাৰ ফোনালাপৰ সময়ত ট্ৰাম্পে মোদীক আমেৰিকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। কানাডাৰ পৰা ভাৰতলৈ উভতি অহাৰ পথত মোদীয়ে আমেৰিকালৈ যাব পাৰিব নেকি বুলি ট্ৰাম্পে সুধিছিল। পূৰ্বনিৰ্ধাৰিত ভ্ৰমণসূচীৰ বাবে এই মুহূৰ্তত তেনে কৰা সম্ভৱ নহয় বুলি মোদীয়ে ট্ৰাম্পক জনাইছে। তথাপিও, তেওঁ অতি সোনকালে সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও, ভাৰতত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত ট্ৰাম্পক আমন্ত্ৰণ জনাইছে মোদীয়ে। মিশ্ৰীৰ মতে, ট্ৰাম্পে এই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...