দক্ষিণত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰেলী

লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো দলৰ নেতা, কৰ্মীসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। বুধবাৰে তামিলনাডুৰ ভেলোৰত বিশাল নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে শাসনাধিস্থ DMK- ক আক্ৰমণৰ লক্ষ্য কৰি লয়। তামিলনাডুৰ বিকাশৰ পৰিৱৰ্তে DMK চৰকাৰে ৰাজ্যখনত পুৰণি যুগলৈহে উভতাই নিয়াৰ চেষ্টা চলাই আহিছে বুলি মন্তব্য কৰে মোদীয়ে।

দক্ষিণত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰেলী
তামিলনাডুৰ ভেলোৰত মোদীৰ নিৰ্বাচনী সভা
শাসনাধিষ্ঠিত DMK-ক সমালোচনাৰে থকা-সৰকা মোদীৰ
‘কাটছাথিভু’ দ্বীপ আৰু ‘শক্তি’ সম্পৰ্কতো মন্তব্য মোদীৰ

লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত দক্ষিণৰ ৰাজ্যসমূহত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে নৰেন্দ্ৰ মোদী। মঙলবাৰে তামিলনাডুৰ কেইবাখনো নিৰ্বাচনী সভাত ভাগ লোৱাৰ পাছত বুধবাৰে মোদীয়ে ভেলোৰত এক বিশাল নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমৰে পৰাই তামিলনাডুৰ শাসনাধিষ্ঠিত DMK-ক আক্ৰমণৰ লক্ষ্য কৰি লয়। DMK-ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মোদীয়ে কয় ৰাজ্য চৰকাৰে দেশখনৰ লগতে তামিলনাডুৰ পুৰণি দিনলৈ উভতাই নিয়াৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি মোদীয়ে কয় –

DMK-ৰ প্ৰতিজন নেতা-কৰ্মী তামিলনাডুৰ লুণ্ঠনত ব্যস্ত
DMK-ক ‘ফেমিলী কোম্পানী’ আখ্যা মোদীৰ
যুৱ প্ৰজন্মক পুৰণি দিনতে আৱদ্ধ ৰাখিছে DMK-ই
ভাষাৰ ভিত্তিত জনসাধাৰণক বিভাজিত কৰিছে DMK-ই

ভাষণৰ অধিকাংশ সময়েই DMK আৰু কংগ্ৰেছৰ সমালোচনা মুখৰ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাষণ প্ৰসংগত মোদীয়ে কেইবা দশকপূৰ্বে শ্ৰীলংকাক গতাই দিয়া কাটছাথিভু দ্বীপৰ প্ৰসংগও উল্লেখ কৰে। তেওঁ অভিযোগ কৰে যে ১৯৭৪ত কাটছাথিভু শ্ৰীলংকাক গতাই দিয়াৰ সময়ত ক্ষমতাত আছিল কংগ্ৰেছ আৰু DMK। কোনখন কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল বুলিও প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি মোদীয়ে পুনৰ ‘শক্তি’ৰ প্ৰসংগ উল্লেখ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শক্তি সম্পৰ্কত কৰা মন্তব্যৰ জৰিয়তে দেশৰ নাৰী সমাজক অপমান কৰা বুলি উল্লেখ কৰি মোদীয়ে লগতে কয় যে বিজেপিৰ বাবে শক্তি হৈছে মহিলা সমাজত প্ৰতীক। এই শক্তিক বিজেপিয়ে অন্তৰেৰে পূজা কৰি অহা বুলিও উল্লেখ কৰে মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...