আমগুৰিৰ এজন কলেজ শিক্ষকে নিৰ্মাণ কৰি উলিয়ালে দ্বিতীয় ৰাণী এলিজাবেথৰ ৯৭ বছৰীয়া পুৰণি গাড়ীৰ মডেল

গুৱাহাটী, ১৫ জুন, NKTV: আমগুৰিৰ এজন কলেজ শিক্ষকে নিৰ্মাণ কৰিলে উলিয়ালে দ্বিতীয় ৰাণী এলিজাবেথৰ ৯৭ বছৰীয়া পুৰণি গাড়ীৰ মডেল। ৫ লাখ ৭০ কি:মি চলিব পৰা ১৯২৪ চনৰ মডেলৰ আমেৰিকাৰ বিখ্যাত মটৰ কোম্পানী Rolls Royce অৰ Silver Ghost (1924) নামৰ vintage গাড়ীখনৰ আৰ্হিৰে নিৰ্মাণ কৰিলে উলিয়ালে গাড়ীখন। ইতিমধ্যে vintage গাড়ীখনৰ আৰ্হি বনাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহাবিদ্যালয়ৰ শিক্ষক হেমন্ত গগৈয়ে।
ইংলেণ্ডৰ দ্বিতীয় ৰাণী এলিজাবেথৰ ১২৫ খন গাড়ীৰ ভিতৰত এইখনো এখন আছিল। পিছে হেমন্ত গগৈয়ে গাড়ীৰ মডেলখন নিৰ্মাণত কোনে ধৰণৰ মেটেল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কাঠৰ সামগ্ৰী, তামোলৰ বাকলি আৰু বাঁহেৰে এই গাড়ীখনৰ মডেল প্ৰস্তুত কৰি উলিয়াইছে। ইতিমধ্যে শিক্ষকজনে নিৰ্মান কৰি উলিওৱা এই গাড়ী মডেলখনে চচিয়েল মিডিয়াটো বিশেষ চৰ্চা লাভ কৰিছে। মডেল গাড়ীখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। হেমন্ত গগৈয়ে লকডাউনৰ সময়ছোৱাত সময়ৰ সদব্যৱহাৰ কৰি দৈনিক ৮/১০ ঘন্টাকৈ কামত লাগি এই বিখ্যাত গাড়ী মডেলখন নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ উপৰিও সৰুৰে পৰা হস্তকৰ্মৰ লগতে চিত্ৰাংকন কৰি ভালপোৱা শিক্ষক হেমন্ত গগৈয়ে পেলনীয়া সামগ্ৰীৰে মডেল গাড়ীখনৰ নিৰ্মাণ কৰাৰ পূৰ্বেও অন্য বহু সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...