তেলচুৰিত জড়িত বিধায়ক পুত্ৰক গ্ৰেপ্তাৰ

নগাঁৱৰ ৰূপহীহাত সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ওৰফে ৰকিবুল হুদাৰ শেষ ৰক্ষা নহ’ল। ৪৮ ঘণ্টা পলাতক হৈ থকাৰ পিছত দেওবাৰে নিশা কলিয়াবৰৰ উলুৱনী থানাত আত্মসমৰ্পণ কৰে ৰেজাউল হুদাই। আত্মসমৰ্পণৰ পিছতে কলিয়াবৰ আৰক্ষী নিবেশত নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ সৈতে শীৰ্ষ আৰক্ষী বিষয়া জেৰা চলাই ৰেজাউল হুদাক। সোধা পোছাৰ অন্তত উলুৱনী থানাৰ ৮৮/২৪ নম্বৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক পুত্ৰ ৰেজাইল হুদাক। উল্লেখযোগ্য যে কলিয়াবৰ আৰু চুলুঙত ঘাটি পাতি এটা চক্ৰই চলাই আছিল তেল চুৰি। এই তেল চুৰি চক্ৰৰ নেতৃত্বত আছিল বাগৰীৰ ৩ কুখ্যাত তেল চোৰ। তেল পৰিবাহী টেংকাৰৰ পৰা তেল চুৰিৰে চক্ৰটোৱে চলাই গৈছিল কোটি টকৰা ক’লা বেহা। এই তেলচুৰি চক্ৰৰে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা জড়িত থকাৰ তথ্য প্ৰমাণ লাভ কৰিছিল আৰক্ষীয়ে। প্ৰথমে তেলচুৰি চক্ৰটোৰ ৫ সদস্যক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সেই তেলচোৰ কেইটাক জেৰা চলোৱা পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য। তেল চুৰি চক্ৰৰ পৰা প্ৰায় আঢ়ৈ লাখ টকা লোৱাৰ অভিযোগ ৰেজাউলৰ বিৰুদ্ধে। গুগল পে’ৰ যোগে ৰেজাউলে তেল চুৰি চক্ৰৰ পৰা লৈছিল ধন। তথ্য প্ৰমাণ লাভৰ পিছতে শনিবাৰৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল ৰেজাউলক। শনিবাৰে নিশা দিছপুৰৰ নুৰুল হুদাৰ বিধায়ক আৱাসতো ৰেজাউলক বিচাৰি চলিছিল অভিযান। কিন্তু আৰক্ষীয়ে বিচাৰি পোৱা নাছিল নুৰুল হুদাৰ পুত্ৰক। দেওবাৰে নিশা নাটকীয়ভাৱে উলুৱনী থানাত আত্মসমৰ্পণ কৰে তেল চোৰ ৰেজাউল হুদাই। পিতৃ বিধায়ক হোৱাৰ সমান্তৰালকৈ ৰেজাইল হুদা কলিয়াবৰ জিলা আমছুৰ সভাপতি। পিতৃ আৰু সংগঠনৰ প্ৰভাৱ খটুৱাই ৰেজাউলে এই কুকৰ্ম চলাই যোৱাৰ অভিযোগ।

গ্ৰেপ্তাৰৰ পিছতে ৰেজাউলক আৰক্ষীৰ সোধা পোছাত এই বৃহৎ তেল চুৰি চক্ৰত খলিহামাৰীৰ গাঁও প্ৰধান জড়িত থকাৰো তথ্য লাভ কৰে আৰক্ষীয়ে। লগে লগে কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিল মামুদকো আটক কৰে কলিয়াবৰ আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক নুৰুল হুদাৰ পুত্ৰক আদালতত হাজিৰ কৰাই জিম্মাত লৈছে আৰক্ষীয়ে। আনহাতে তেলচুৰিৰ অভিযোগত কংগ্ৰেছী বিধায়ক পুত্ৰক গ্ৰেপ্তাৰৰ পিছতে ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য যদি বিধায়ক পুত্ৰই দোষ কৰিলে তেন্তে শাস্তি পাবই।

ইফালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদৰ সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া, এজন বিধায়কৰ পুত্ৰৰ নাম তেল চুৰিৰ ঘটনাত সাঙোৰ খোৱাটো অতিকৈ দুৰ্ভাগ্যজনক।

স্বয়ং কংগ্ৰেছী বিধায়কৰ পুত্ৰ তথা আমছুৰ নেতা এতিয়া তেল চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ঘটনাই স্বাভাৱিকতে স্বম্ভিত কৰিছে ৰাজ্যবাসীক। অৱশ্যে এই ঘটনাৰ তদন্ত নগাঁও আৰক্ষীয়ে কিমান পানী নসৰকা কৰে তাৰ ওপৰতে দৃষ্টি নিবদ্ধ সকলোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...