ভূমি দখলৰ পিছত এইবাৰ অসমৰ ভূমিত ফিচাৰি নিৰ্মাণ মিজোৰামৰ!

অসমৰ ভূমিত পুনৰ বেদখলৰ চেষ্টা মিজোৰামৰ । এইবাৰ আকৌ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত মিজোৱে নিৰ্মাণ কৰিলে পথ । লগতে ফিচাৰি নিৰ্মাণ কৰাৰো তথ্য পোহৰলৈ আহিছে।

হাইলাকান্দি জিলাৰ গল্লাছেড়া অঞ্চলত মিজোৱে শ শ গছ কাটি নিৰ্মাণ কৰিছে পথ আৰু ফিচাৰি। কিন্তু ইমানৰ পিছতো হাইলাকান্দি জিল‍া প্ৰশাসন আৰু বন বিভাগ এই বিষয়ত আছিল সম্পূৰ্ণ অজ্ঞ।

অৱশেষত NKTVত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছত নিদ্ৰাভংগ হ’ল হাইলাকান্দি জিলা প্ৰশাসনৰ।

আজি হাইলাকান্দি আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলিত উপস্হিত হৈ বুজ লয় পৰিস্হিতিৰ।

ইপিনে অতি সংবেদনশীল এই বিষয়টোক লৈ ৰাজ্য চৰকাৰ তথা হাইলাকান্দি জিল‍া প্ৰশাসনৰ এই লেহেমিয়া নীতিৰ তীব্ৰ সমালোচনা কৰিছে স্থানীয় দল-সংগঠনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...