পেহেলগামত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুওৱা গুজৰাটৰ ছুৰতৰ শৈলেশভাই হিম্মতভাই কালাঠিয়াৰ বাসগৃহত মন্ত্ৰী পীযুষ হাজৰীকা

বিগত ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ তিনিগৰাকী প্ৰয়াত ব্যক্তিৰ পৰিয়ালক অসমবাসীৰ হৈ সমবেদনা জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা বুধবাৰে গুজৰাটত উপস্থিত হয়।

মন্ত্ৰী হাজৰীকাই আজি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া ড° ওম প্ৰকাশৰ সৈতে গুজৰাটৰ ছুৰতত উপস্থিত হৈ বিগত ‘পেহেলগাম সন্ত্ৰাসবাদী কাণ্ড’ত প্ৰাণ হেৰুওৱা শৈলেশভাই হিম্মতভাই কালাঠিয়াৰ বাসগৃহত তেখেতৰ পৰিয়ালৰ সদস্যসকলক অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰী হাজৰীকাই অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভুক্তভোগীগৰাকীৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ এককালীন সাহায্যৰ চেক আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোকবাৰ্তা সম্বলিত বিশেষ পত্ৰ প্ৰদান কৰে। ভুক্তভোগী পৰিয়ালটিৰ পৰা পেহেলগাম সন্ত্ৰাসবাদী কাণ্ডৰ বিষয়ে প্ৰত্যক্ষ বিৱৰণ শুনি পাক-সমৰ্থিত সন্ত্ৰাসবাদীৰ নৃশংসতা পুনৰ এবাৰ উপলব্ধি কৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। আনহাতে, সুদূৰ অসমৰ পৰা আহি গুজৰাটৰ পৰিয়ালটিৰ দুখৰ সমভাগী হোৱাৰ বাবে ভুক্তভোগী পৰিয়ালটিৰ হৈ প্ৰয়াত শৈলেশভাই কালাঠিয়াৰ পিতৃ হিম্মতভাই কালাঠিয়া আৰু পত্নী শীতলবেহেনে মন্ত্ৰী হাজৰীকাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সমূহ অসমবাসীক আন্তৰিক কৃতজ্ঞতা জনায়।

উল্লেখ্য যে, মন্ত্ৰী পীযুষ হাজৰীকাই কাইলৈ গুজৰাটৰ ভাৱনগৰ ভ্ৰমণ কৰি ‘পেহেলগাম সন্ত্ৰাসবাদী কাণ্ড’ৰ আন দুগৰাকী ভুক্তভোগীৰ পৰিয়ালক সমবেদনা জনাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...