আকাশী পথেৰে মহানগৰীৰ নৈ-জলাশয়সমূহকে ধৰি বিভিন্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বিভাগীয় বিষয়াসকলক লগত লৈ হেলিকপ্টাৰেৰে শিলসাঁকো বিলকে ধৰি গুৱাহাটী মহানগৰৰ বিভিন্ন নদী তথা জলাশয়সমূহ আৰু বিভিন্ন অঞ্চল পৰ্যৱেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে আজি আকাশী পথেৰে মহানগৰীৰ ভৰলু, মৰা ভৰলু, বশিষ্ঠ-বাহিনী আদি নদীকে ধৰি বিভিন্ন প্ৰান্তত চলি থকা “মিছন ফ্লাড ফ্ৰী গুৱাহাটী”ৰ কাম-কাজৰো বুজ লয়।

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ অস্থায়ী হেলিপেডত সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰী সিংহলে কয় যে গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ বাবে শিলসাঁকো বিল, দীপৰ বিল আদিৰ লগতে আন আন জলাশয়সমূহৰ সংৰক্ষণৰ গুৰুত্ব অপৰিসীম। কিন্তু এই জলাশয়সমূহৰ একাংশ ভূমিৰ লগতে ভৰলু, বাহিনী আদি নদীৰ কাষৰীয়া অঞ্চল দখলকাৰীৰ কবলত থকাৰ বাবে এইসমূহৰ পানী বহন ক্ষমতা কমি গৈছে। সেয়েহে বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত ৰাজহ বিভাগৰ সহযোগত এনেধৰণৰ সকলো বেদখল উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মহানগৰীৰ নদী আৰু জলাশয়সমূহত হোৱা ব্যাপক বেদখলত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ কয় যে গুৱাহাটীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব প্ৰতিগৰাকী গুৱাহাটীবাসীয়েই ল’ব লাগিব। ৰাইজ সজাগ হ’লে, নলা-নৰ্দমাত আৱৰ্জনা নেপেলালে আৰু পানী ওলাই যোৱাৰ পথসমূহ মুকলি হ’লে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা স্বাভাৱিকভাৱেই সমাধান হ’ব বুলি তেওঁ মন্তব্য কৰে।

আজিৰ এই পৰিদৰ্শনত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালেও অংশ লয়।

আনহাতে, ‘বানমুক্ত গুৱাহাটী অভিযান’ৰ সৈতে সংগতি ৰাখি মন্ত্ৰী সিংহলে আজি গুৱাহাটীৰ ৰুক্মিণীগাঁও আৰু দ্বাৰকা নগৰ অঞ্চলত চলি থকা আৱৰ্জনা নিষ্কাশণ কাম-কাজো পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে কৃত্ৰিম বান ৰোধৰ লক্ষ্যৰে সমাগত বাৰিষাৰ আগতেই মহানগৰীৰ নলা-নৰ্দমা, জলাশয়সমূহ পৰিষ্কাৰ কৰি তোলাৰ বাবে বিভিন্ন বিভাগৰ সহযোগত পূৰ্ণগতিত কাম অব্যাহত ৰখা হৈছে।

এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...