GMCৰ অধীনৰ উলুবাৰী, গণেশগুৰি বজাৰ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ উলুবাৰী আৰু গণেশগুৰি বজাৰ পৰিদৰ্শন কৰি বজাৰ দুখনৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে তাৰ স্থানীয় ব্যৱসায়ীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাৰাজিৰো বুজ লয়। মন্ত্ৰীগৰাকীয়ে দুয়োখন বজাৰ চৌহদতে দীৰ্ঘদিন ধৰি অৰ্ধনিৰ্মিত হৈ থকা বহুমহলীয়া বজাৰ গৃহ দুটিও পৰিদৰ্শন কৰে। বিভিন্ন কাৰণত বহুবছৰ ধৰি নিৰ্মাণকাৰ্য স্থৱিৰ হৈ থকা এই বজাৰ গৃহ দুটিৰ পুনৰ নিৰ্মাণৰ বাবে পৌৰ নিগমে ইতিমধ্যেই নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নতুন ঠিকাদাৰক এই কামৰ দায়িত্ব অৰ্পণ কৰিছে। স্থানীয় ব্যৱসায়ীসকলৰ অসুবিধা দূৰ কৰাৰ লগতে জনসাধাৰণৰ বজাৰ-সমাৰৰ সুচলতাৰ স্বাৰ্থত অহা এবছৰৰ ভিতৰতে দুয়োটি বজাৰগৃহকে পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে তৎপৰতাৰে কাম-কাজ আগুৱাই নিবলৈ আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰী সিংহলে পৌৰ নিগমৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে।

আজিৰ এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰী সিংহলৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আয়ুক্ত মেঘনিধি দাহালৰ লগতে নিগমৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...