GMCৰ অধীনৰ উলুবাৰী, গণেশগুৰি বজাৰ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ উলুবাৰী আৰু গণেশগুৰি বজাৰ পৰিদৰ্শন কৰি বজাৰ দুখনৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে তাৰ স্থানীয় ব্যৱসায়ীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাৰাজিৰো বুজ লয়। মন্ত্ৰীগৰাকীয়ে দুয়োখন বজাৰ চৌহদতে দীৰ্ঘদিন ধৰি অৰ্ধনিৰ্মিত হৈ থকা বহুমহলীয়া বজাৰ গৃহ দুটিও পৰিদৰ্শন কৰে। বিভিন্ন কাৰণত বহুবছৰ ধৰি নিৰ্মাণকাৰ্য স্থৱিৰ হৈ থকা এই বজাৰ গৃহ দুটিৰ পুনৰ নিৰ্মাণৰ বাবে পৌৰ নিগমে ইতিমধ্যেই নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নতুন ঠিকাদাৰক এই কামৰ দায়িত্ব অৰ্পণ কৰিছে। স্থানীয় ব্যৱসায়ীসকলৰ অসুবিধা দূৰ কৰাৰ লগতে জনসাধাৰণৰ বজাৰ-সমাৰৰ সুচলতাৰ স্বাৰ্থত অহা এবছৰৰ ভিতৰতে দুয়োটি বজাৰগৃহকে পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে তৎপৰতাৰে কাম-কাজ আগুৱাই নিবলৈ আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰী সিংহলে পৌৰ নিগমৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে।

আজিৰ এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰী সিংহলৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আয়ুক্ত মেঘনিধি দাহালৰ লগতে নিগমৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...