অসমৰ নতুন প্ৰজন্মই এতিয়া সপোন দেখা আৰম্ভ কৰিছে : সিংহল

বিশ্বনাথ জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ১,০৭৯ গৰাকী কৃতী শিক্ষাৰ্থীলৈ স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৭,৮৪২ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ৫৫১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ নগদ আৰ্থিক পুৰস্কাৰ প্ৰদান

দিছপুৰ, ২০ ডিচেম্বৰঃ বিশ্বনাথ জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি বিশ্বনাথ জিলাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ১০৭৯ গৰাকী কৃতী শিক্ষাৰ্থীলৈ স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ৭৮৪২ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫৫১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে নগদ পুৰস্কাৰ প্ৰদান কৰে৷ বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কেইগৰাকীমান শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে স্কুটীৰ প্ৰতীকী চাবি, আনন্দৰাম বৰুৱা বঁটাৰ প্ৰতীকী চেক আৰু চাইকেলৰ চাবি প্ৰদানেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে অসমৰ সামগ্রিক বিকাশ আৰু ৰাজ্যবাসীৰ জীৱন-ধাৰণৰ মান উন্নীতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ দূৰদৰ্শী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ বিশেষ প্ৰচেষ্টাত শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে অসম চৰকাৰে ‘বিকাশৰ ১২ দিন’ শীৰ্ষক এই কাৰ্যসূচী হাতত লৈছে। তেওঁ কয় যে এই সময়ছোৱাত কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়োৱা হৈছে যাৰ জৰিয়তে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু দৰিদ্ৰ পৰিয়াল লাভান্বিত হৈছে৷ এই সময়ছোৱাত ৰাজ্যৰ প্ৰায় ১১ লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে৷ শিক্ষা বিভাগৰ তিনিটা অতি গুৰুত্বপূৰ্ণ আঁচনি এই সময়ছোৱাত ৰাইজৰ মাজলৈ লৈ যোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইবছৰ ৰাজ্যৰ ২৬,৬৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা হিচাপে শিক্ষাগ্ৰহণৰ সুবিধাৰ্থে ১২,৫০০ টকাকৈ নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে লাভ কৰিছে। বিশ্বনাথ জিলাৰ ৫৫১ গৰাকী কৃতী শিক্ষাৰ্থীয়ে এইবছৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিছে। আনহাতে বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ ৰাজ্যৰ অভিলেখসংখ্যক ৪৮,৬৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে লাভ কৰিছে। এই আঁচনিৰ অধীনত আজি বিশ্বনাথ জিলাৰ ১,০৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটাৰ লাভ কৰিছে। তেওঁ লগতে কয় যে শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্ৰহণক সহজলভ্য কৰি তোলাৰ বাবে এইবাৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৰাজ্যৰ ৩,২৩,৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰা হৈছে আৰু বিশ্বনাথ জিলাৰ ৭,৮৪২ গৰাকী শিক্ষাৰ্থীয়ে আজিৰ অনুষ্ঠানত চাইকেল লাভ কৰিবলৈ সমৰ্থ হৈছে।

ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা এই দুয়োটা বঁটা ৰাজ্যৰ দুগৰাকী মহান মনীষীৰ নামত উৎসৰ্গিত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা ৰাজ্যৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ পুৰোধা ব্যক্তি আছিল৷ এই দুইগৰাকী মহান পূজাৰীয়ে অসমীয়া জাতিক চিৰকাললৈ গৰ্বিত কৰিলে বুলি উল্লেখ কৰি তেওঁলোকৰ আদৰ্শৰে জীৱনৰ বাট বুলিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে কয় যে এটা সময়ত অসমত দুখীয়া লৰা-ছোৱালীয়ে সপোন দেখাৰ অৱকাশ নাছিল। কিন্তু দৰিদ্ৰতাৰ বাধা নেওচি সমাজৰ শেষৰজন ব্যক্তিৰ বাবেও যাতে চৰকাৰৰ আঁচনিবোৰ উপলব্ধ হয় তাৰ বাবে বৰ্তমানৰ চৰকাৰ বদ্ধপৰিকৰ। শিক্ষাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন স্পৰ্শ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবে নিৰন্তৰভাৱে আঁচনি গ্ৰহণ কৰি আহিছে৷ বিনামূলীয়াকৈ নামভৰ্ত্তি, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাচুল ৰেহাই, নিযুত মইনা আঁচনি ৰূপায়ণৰ জৰিয়তে শিক্ষাক সমাজৰ প্ৰতিটো স্তৰৰ শিক্ষাৰ্থীৰ দুৱাৰদলিলৈ লৈ গৈছে।

এক সৰ্বাংগসুন্দৰ অসম গঢ়াৰ যাত্ৰাত বৰ্তমানৰ ৰাজ্য চৰকাৰে আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে দূৰদৰ্শী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত স্বাধীনতাৰ পিছত কোনেও কল্পনা কৰিব নোৱাৰা এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰা হৈছে। এটা সময়ত বজাৰত চাকৰি বিক্ৰী হৈছিল বুলি উল্লখ কৰি তেওঁ কয় যে সেই দিন এতিয়া অতীত। বৰ্তমানৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি লাভৰ বাবে পূৰ্বে চলি থকা সমস্ত ব্যৱস্থাটোকে সলনি কৰি পেলাইছে৷ যোৱা আঠটা বছৰত যুৱ সমাজৰ মানসিকতাৰ যথেষ্ট পৰিৱৰ্তন সাধন হৈছে, যাৰ প্ৰমাণ বিভিন্ন ষ্টাৰ্ট আপ, উদ্যমিতা, দক্ষতা আদি সকলো ক্ষেত্ৰতে যুৱ সমাজে দাঙি ধৰিছে। অসমৰ নতুন প্ৰজন্মই এতিয়া সপোন দেখা আৰম্ভ কৰিছে বুলি মন্তব্য কৰি তেওঁ অধ্যয়ন আৰু অধ্যৱসায়ৰ জৰিয়তে মেধা অৰ্জন কৰিবলৈ আৰু মেধাৰ বলেৰে চৰকাৰৰ বিভিন্ন চাকৰি বা সা-সুবিধা লাভ কৰি নিজ ৰাজ্য আৰু দেশক নেতৃত্ব দিয়াৰ সামৰ্থ্য আৰ্জিবলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। বিশ্বনাথ জিলাৰ শিক্ষাৰ্থীসকলেও নিজকে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দি এখন উন্নত বিশ্বনাথ আৰু বিকশিত অসম গঢ়াৰ যাত্ৰাত আত্মনিয়োগ কৰিব লাগিব বুলি তেওঁ কয়।

মন্ত্ৰী সিংহলে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত পৰিৱৰ্তন অতি দ্ৰুততাৰে সাধিত হৈছে। মানুহে আজি মানুহৰ সলনি যন্ত্ৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব লগা হৈছে। প্ৰতিটো পৰিৱৰ্তনৰে দুটা বিপৰীতমুখী দিশ থকাৰ কথা উল্লেখ কৰি তেওঁ প্ৰযুক্তিয়ে আনি দিয়া প্ৰত্যাহ্বানসমূহো জয় কৰাৰ সামৰ্থ্য আহৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।

আজিৰ অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, স্থানীয় বিশিষ্ট ব্যক্তিসকল, হিতাধিকাৰী ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...