কোকৰাঝাৰ জিলাৰ তিনিখন বিদ্যালয়ত গুণোৎসৱত অংশগ্ৰহণ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ

স্কুলীয়া শিক্ষাৰ গুণগত মান উন্নতিৰ লক্ষ্যৰে তথা গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ বাবে আৰম্ভ কৰা “গুণোৎসৱ ২০২৪” ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ দ্বিতীয় দিনা আজি অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে জিলাখনৰ তিনিখন বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় কেইখনৰ শৈক্ষিক মানৰ পৰ্যালোচনা কৰে। এই শৈক্ষিক মূল্যায়ন কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত আৰু পৰিমাণগত মানৰ বিশেষভাৱে উন্নতি সাধন কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।বিদ্যালয়কেইখন হৈছে – কোকৰাঝাৰ ৰাষ্ট্ৰ ভাষা বিদ্যাপীঠ হাইস্কুল; কোকৰাঝাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কোকৰাঝাৰ আদৰ্শ বিদ্যালয়। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত এই বৰ্ষত সমগ্ৰ ৰাজ্যজুৰি ৩৯,৬৩,৫৪২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মুঠ ৪৩,৪৯৮ খন বিদ্যালয়, মুঠ ৭,০০৮ জন বহিঃ মূল্যায়কৰ দ্বাৰা মূল্যায়ন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...